
তেজপুৰঃ ৰাজ্যৰ শাসনত বিজেপি দল অধিষ্ঠিত হৈ আছে যদিও মহাবিদ্যালয়সমূহত বিজেপিৰ ভাতৃ ছাত্ৰ সংগঠন এ বি ভি পিয়ে আজিও খোপনি পুতিব পৰা নাই। ৰাজ॥ৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এটা পদবীটো বিজয় সাব্যস্ত কৰিব নোৱাৰিলে বিজেপিৰ ভাতৃ সংগঠনটোৱে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত সেই কথা স্পষ্ট হৈ পৰে৷ আনহাতে মহাবিদ্যালয়সমূহত এইবাৰ আছুৰ জয়যাত্ৰা অব্যাহত আছে৷
আজি তেজপুৰৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত সেই কথা প্ৰতিপন্ন কৰি আছুৰ জয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হয়৷ আজি হৈ যোৱা তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু প্ৰাৰ্থীয়ে উপ সভাপতি, সাধাৰণ সম্পাদক সহ ৬টা গুৰুত্বপূৰ্ণ পদত জয়লাভ কৰিবলৈ সক্ষম হয়৷
আনহাতে মহাবিদ্যালয়খনৰ সভাপতি, অালোচনী আৰু সমাজসেৱা পদত কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এচ ইউ আইৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে৷ কিন্তু দুৰ্ভাগ্যজনক ভাবে ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি দলৰ ভাতৃ দল এ বি ভি পিয়ে কোনো পদ দখল কৰিবলৈ সক্ষম নহ’ল৷