
নামতিঃ বছৰ বছৰ ধৰি যিদৰে NSCN-এ ৰাষ্ট্ৰৰ বিপক্ষে সংগ্ৰাম কৰি আহিছে তেনেদেৰ সীমান্তৰ অসমীয়াৰ বিৰুদ্ধে চলাই গৈছে দমনমূলক নীতি অত্যাচাৰ৷ তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজক অন্ধকাৰত ৰাখি সম্পাদনা কৰিলে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট৷ এই এগ্ৰিমেন্ট কৰাৰ পিছৰে পৰা NSCNৰ তাণ্ডৱ যেন বৃদ্ধি হে হৈছে অসম-নাগালেণ্ড সীমান্তত৷
কেন্দ্ৰীয় চৰাকৰে কাৰ স্বাৰ্থৰ বাবে এই চুক্তি কৰিলে সেয়া আজিও স্পষ্ট হোৱা নাই যদিও সীমান্তত একপ্ৰকাৰ দপদপনি চলিছে নগাৰ৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিত বৃহত্তৰ নাগালিম গঠনৰ কথা মানি লোৱা বুলি NSCN পক্ষই সদৰী কৰাৰ পিছতে অসমৰ ভূমি নাগালিমলৈ যোৱাটো খাতাং বুলি প্ৰচাৰ হোৱাত ৰাজ্যৰ দল-সংগঠন তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ তাৰ মাজতে বিদ্ৰোহী সংগঠনটোৱে সীমান্তৰ অসমীয়াক ভয়-ভাবুকি দি অত্যাচাৰ চলাই গৈছে৷
অসম-নগালেণ্ড সীমান্তত বসবাস কৰা অসমৰ থলুৱা লোকসকলে চাহ খেতি কৰাৰ লগতে অতি কষ্টৰে জীৱন নিৰ্বাহ কৰি গৈছে৷ বিশেষকৈ চাহ খেতিয়ক সকলক নাগালেণ্ডৰ লোক তথা এনএছচিএনে ধন দাবী কৰাৰ লগতে চাহ বাগিচাৰ ক্ষতি কৰি আহিছে৷ ইমানৰ পিছতো ভাৰত চৰকাৰে নগা বিদ্ৰোহীৰ সাতে ফ্রেমৱর্ক চুক্তিক কৰাত অসমৰ থলুৱা চাহ খেতিয়তসকল ক্ষোভিত হৈ পৰিছে৷ ক্ষুদ্র চাহ খেতিয়ক পৰিষদ, অসম নামৰ সংগঠনটোৱে বুধবাৰে ১৯টা প্ৰশ্ন উত্থাপন কৰি শিৱসাগৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি প্ৰবিত্ৰ আৰন্ধৰা আৰু সম্পাদক বসন্ত বুঢ়াগোহাঁইয়ে স্বাক্ষৰ কৰা স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰি ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাহী জনায়৷ সীমান্তৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ লগতে সৰ্বসাধাৰণ ৰাইজক নগা উগ্ৰপন্থীয়ে হাৰাশাস্তি কৰি আহিছে বুলি মোডীক স্মাৰক পত্ৰ যোগে অভিযোগ দাখিল কৰি চাহ খেতিয়ক তথা ৰাইজৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি অহা বুলি কয় সংগঠনটোৱে৷ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰা দাবীও জনায়।
হাতী মানুহৰ সংঘাত ৰোধ কৰা, নাগৰিকত্ব আইন সংশোধন কৰি হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব খোজাৰ অসম বিৰোধী সিদ্ধান্ত বাতিল কৰা, অসমৰ লাখ লাখ নিৱনুৱাক শীঘ্ৰে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা, চাহ বৰ্ডৰ মুখ্য কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰাৰ দাবী জনায় সংগঠনটোৱে৷
ইমানে নহয় ক্ষোভিত চাহ খেতিয়কসকলে চাহক ৰাষ্ট্ৰীয় পনীয় হিচাপে গণ্য কৰা, দেশীয় চাহৰ প্ৰতি লক্ষ্য ৰাখি বিদেশৰ চাহ আমদানি বন্ধ কৰা, অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নয়ন আৰু কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক বিশেষ পেকেজ দিয়া, ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে প্ৰযোজ্য হোৱা উপকৰ বিধি আইন ২০১৭ শীঘ্ৰে কাৰ্যকৰী কৰা, চৰকাৰে ভ্ৰাম্যমান মাটি পৰীক্ষা কৰি ঠায়ে ঠায়ে মাটিৰ গুণাগুণ পৰীক্ষা কাৰ্ড দিয়া ব্যৱস্থা কৰা, ভাৰতীয় চাহ উপদেষ্টা পৰিষদত ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ প্ৰতিনিধি লোৱাৰ ব্যৱস্থা কৰাৰ দাবী জনায়৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সীমান্তৰ অসমীয়াৰ সমস্যাক গুৰুত্ব আৰোপ নকৰাত প্ৰধানমন্ত্ৰীক এই কথা জনাবলৈ বাধ্য হৈ গোলাঘাট আৰু ডিব্ৰুগড় জিলাত একোটাকৈ চাহ নিলাম কেন্দ্ৰ স্থাপন কৰাৰ ব্যৱস্থা কৰাৰ দাবী জনোৱাৰ লগতে বনাঞ্চলত ক্ষুদ্ৰ চাহ খেতি কৰা খিলঞ্জীয়া লোকসকলক চৰকাৰী উন্নয়নমূলক আঁচনিত অন্তৰ্ভুক্ত কৰা, উচ্ছেদিত ভূমিপুত্ৰসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা, অসমৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰৰ পানী প্ৰদূষণৰ সমস্যা শীঘ্ৰে সমাধান কৰা, বৃহৎ পুঁজিপতি গোষ্ঠী আৰু বটলিফ ফেক্টৰী মালিক গোষ্ঠীয়ে ক্ষুদ্ৰ চাহ খেতিয়কক কৰি থকা শোষণ বন্ধ কৰাৰ দাবী জনায়৷ বিজেপি চৰকাৰে ধৰ্মৰ ভত্তিত নাগৰিকত্ব প্ৰদান কৰিবলৈ ষড়যন্ত্র চলাইছে তাক বন্ধ কৰা কৰাৰ দাবী জনায় ক্ষুদ্র চাহ খেতিয়ক পৰিষদে।