
দেৰগাঁওঃ চাহ বাগিচাৰ মালিকৰ বৰ্বৰ আক্ৰমণৰ ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে ৰাজ্যত৷ চাহ শ্ৰমিকৰ শোষণ-বঞ্চনাৰ বিৰুদ্ধে গোলাঘাট জিলাৰ দেৰগাঁৱত শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
শ্ৰমিকে ৰাজ্য চৰকাৰ তথা চাহ বাগিচাৰ মালিকৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল কৰি তোলে ৰাজ পথ৷ বগীধলা চাহ বাগিচাৰ শ্ৰমিকক নিজৰ প্ৰাপ্য বিচাৰি যোৱাৰ সময়ত চাব বাগিচাৰ মালিকে ১২ জনকৈ শ্ৰমিকক গুলীয়াই অাহত কৰাৰ প্ৰতিবাদত সোমবাৰে গোলাঘাট জিলাৰ দেৰগাওঁৱ চাহ শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আছাৰ দেৰগাওঁ শাখা সমিতিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৱে বগীধলা কাণ্ডৰ প্ৰতিবাদত দেৰগাঁৱত এক ধৰ্ণা কাৰ্যসূচী পালন কৰি দেৰগাওঁ ৰাজহ চক্ৰৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্র প্ৰেৰণ কৰে৷
স্মাৰক যোগে বগীধলা বাগিচা কাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে আহত শ্ৰমিকসকলৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰা, বাগিচা খনৰ তলাবন্ধ প্ৰত্যহাৰ নকৰা পৰ্যন্ত শ্ৰমিকসকলৰ সম্পৰ্ণ ভৰণ-পোষণৰ দায়িত্ব লোৱা লোৱাৰ দাবী জনায়৷
দেৰগাঁও শাখা আটছাৰ সভাপতি বাবুল তুৰি আৰু সম্পাদক অমৃত ৰবিদাস চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, আদিবাসী চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান কৰাৰ লগতে বগীধলা চাহ বাগিচাৰ শ্ৰমিক সকলক ন্যায় প্ৰদানৰ দাবী জনায়।