
শিমলুগুৰিঃ শিক্ষা বিভাগত আমূল পৰিৱৰ্তন কৰা লক্ষ্যৰে নিতৌ নতুন চমক সৃষ্টি কৰি আহিছে ৰাজ্যৰ শিক্ষা বিভাগে৷ কেমেৰাৰ সন্মুখত সতীৰ্থ মন্ত্ৰীক কাষত বহুৱাই শিক্ষকৰ খতিয়ান লৈ শিক্ষক সমাজক ঠাট্টা, মস্কৰা কৰা বুলি অভিযোগ উত্থাপিত হোৱা ড০ হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগত প্ৰাথমিক বিদ্যালয়ত ঠিকাভিত্তিক শিক্ষক নিযুক্তিত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন হৈছে৷
ইতিমধ্যে ঘোষণা কৰা মেধাভিত্তিক তালিকাত ব্যাপক বিসংগতি থকা অভিযোগ উত্থাপিত হৈছে৷ শিক্ষামন্ত্ৰীয়ে গুণোৎসৱ অনুষ্ঠিত কৰি শিক্ষাবিভাগক চমক দিব বিছৰাৰ সময়তে অসমৰ সৰ্বশিক্ষা মিছন সঞ্চালকৰ কাৰ্যালয়ে প্ৰাথমিক পৰ্যায়ৰ মুঠ ৭৩৪২ জনৰ তালিকাখনত বহিৰাজ্যৰ প্ৰাৰ্থীয়ে স্থান লাভ কৰাৰ অভিযোগ উঠিছে৷ সদৌ অসম প্ৰাথমিক শিক্ষক সন্থা'ই এই অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ জনাইছে ৰাজ্য চৰকাৰৰ এনে কাণ্ডত।
এক বিবৃতিত যোগে সংগঠনটোৰ সভাপতি-সম্পাদক ক্ৰমে আয়ুব আলী আহমেদ আৰু নিৰ্মল কুমাৰ গোৱালাই যি সময়ত অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগ চৰকাৰে অনুষ্ঠিত কৰা টেট পৰীক্ষাত অসমৰ নিবনুৱা যুৱক-যুৱতীক বহিব দিয়া নাছিল তেনেস্থলত বহিঃৰাজ্যৰ পৰা আমদানীকৃত প্ৰাৰ্থীক শিক্ষাৰ মূল ভেটি প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিব বিচৰাটো উচিত নহয় বুলি কয়।
এফালে চৰকাৰে শিক্ষাৰ মানদণ্ড উন্নত কৰিব বাবে কোটি কোটি টকা খৰছ কৰি গুণোৎসৱ পাতিছে, সেই সময়তে বহিঃৰাজ্যৰ অসমীয়া কব নজনা, লিখিব নজনা হিন্দী, ইংৰাজী, বাংলা মাধ্যমৰ প্ৰাৰ্থীক অসমীয়া মাধ্যমৰ বিদ্যালয়ত নিযুক্তি দি কণ-কণ ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰিব বিচৰা কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি কয় সংগঠনটোৱে।
ইতিমধ্যে ২০১২ চনৰ পৰা বৰ্তমানলৈকে বহু অনা অসমীয়া প্ৰাৰ্থীক অসমীয়া মাধ্যমত নিযুক্তি দিয়াৰ ফলত বহু বিদ্যালয় পঢ়া আৰু লিখাৰ বেলিকা ভাষা বিভ্ৰাটৰ সৃষ্টি হোৱা দেখা গৈছে। শিক্ষা বিভাগৰ এনে হঠকাৰী সিদ্ধান্তই অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় সমূহক তিল তিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ বিপৰীতে বে-চৰকাৰী বিদ্যালয়সমূহক পৰোক্ষভাৱে হাত উজান দিয়া হ'ব বুলি সন্থাই অভিযোগ কৰে।