
newsnextone.com | নগাঁওঃ নগাঁও জিলাত সংখ্যালঘূ ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে। ২০১৩-১৪, ২০১৬-১৭ আৰু ১৭-১৮ বৰ্ষত জিলা খনত সংঘটিত হৈছে কোটি টকাৰ কেলেংকাৰী। ৱাইজুল হক চৌধুৰী নামৰ এজন সমাজকৰ্মীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্য অনুযায়ী পোহৰলৈ আহিছে এই বিয়াগোম কেলেংকাৰী।
এটি দালাল চক্ৰৰ পৰা আৰম্ভ কৰি একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষক, বিভিন্ন বেংকৰ গ্ৰাহক সেৱা কেন্দ্র, শিক্ষা বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ লগতে সংখ্যালঘূ উন্নয়ন বৰ্ডৰ একাংশ বিষয়া-কৰ্মচাৰী এই ঘোটালাৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰি আহিছে বিভিন্ন দল-সংগঠনে। নগাঁও জিলাত সংঘটিত এই কোটি টকীয়া বৃহৎ কেলেংকাৰীয়ে একপ্ৰকাৰ সৃষ্টি কৰিছে জোঁকাৰণিৰ।
নগাঁও জিলাৰ কেইবাখনো আৰক্ষী থানাত এই সন্দৰ্ভত ৰুজু হৈছে আছে। তাৰ মাজতে দেওবাৰে বটদ্ৰৱা আৰক্ষীয়ে ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হাছানুজ জামান আনছাৰীক গ্ৰেপ্তাৰ কৰি শোধ পোছৰ অব্যাহত ৰাখিছে। এই দালাল চক্ৰটোৰ লগত একাংশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্র আৰু প্ৰধান শিক্ষকে মিলি ভুৱা ছাত্ৰ-ছাত্রী দেখুৱাই ইতিমধ্যে সৰকাইছে কেইবা কোটি টকা।
নগাওঁ জিলাৰ আৰক্ষীকে জানিবলৈ দিয়া মতে আৰু বহু কেইজন দোষী ব্যক্তি অভিযুক্ত গ্ৰেপ্তাৰ হ’ব। আৰ টি আই যোগে পোৱা তথ্য মতে নগাঁও জিলাৰ মধ্য ইংৰাজী বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সহ প্ৰায় ৯০ খনৰো এনে বিদ্যালয় আছে যত সংঘটিত হৈছে সংখ্যালঘূ ছাত্ৰ-ছাত্রীৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী। এই কেলেংকাৰীৰ সৈতে জড়িত দোষী ব্যক্তিক চিনাক্ত কৰি উচিত শাস্তি প্রদানৰ বাবে নগাঁও আৰক্ষী প্রশাসনক বিভিন্ন দল-সংগঠনে দাবী জনায়।