বাইহাটা চাৰিআলিঃ শিক্ষক আৰু ছাত্ৰৰ গুণাগুণ নিৰ্ণয় কৰাৰ বাবে ৰাজ্য চৰকাৰে গুণোৎসৱৰ আয়োজন কৰি ব্যাপক ঢাক-ঢোল বজাই থকাৰ সময়তে গুণোৎসৱৰ ভৰ সহিব নোৱাৰি এগৰাকী প্ৰধান শিক্ষকে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীত৷

মানৱ সম্পদ গঢ়াৰ খনিকৰ বুলি কোৱা শিক্ষকক ৰাজহুৱাকৈ কেমেৰাৰ সন্মুখত খতিয়ান লৈ তুচ্ছ-তাচ্ছিল্য কৰা খোদ শিক্ষামন্ত্ৰীৰ সমষ্টিতে সংঘটিত হৈছে এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে চিপ লৈ নিজৰ জীৱন ত্যাগ কৰাৰ দৰে ঘটনা।

প্ৰাপ্ত বাতৰি মতে, কামৰূপ জিলাৰ কৰৰা প্ৰাথমিক শিক্ষা খণ্ডৰ জালুকবাৰী সমষ্টিৰ মান্দাকাটাৰ মালাৰা জগতোলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৫৩ বৰ্ষীয় অৰুণ চন্দ্ৰ নাথে দেওবাৰে চূড়ান্ত সিন্ধান্ত লয়৷ যাৰ ফলত বেজৰা, উত্তৰ গুৱাহাটী তথা বাইহাটা চাৰিআলি অঞ্চলত চাঞ্চল্যই বিৰাজ কৰিছে। দূৰ্ভাগ্যজনক ঘটনাটোক লৈ চিন্তিত হৈ পৰিছে বিদ্বৎ মহলো।

উল্লেখ্য যে, শিক্ষা বিভাগৰ নিৰ্দেশ লাভ কৰাৰ পিছতে শিক্ষকগৰাকীয়ে দিনে-নিশাই গুণোৎসৱক লৈ ব্যস্ত হৈ পৰিছিল৷ এনেদৰে সততাৰে দায়িত্ব পালন কৰি অহাৰ পিছতে দেওবাৰে পুৱা নিজৰ বাৰীৰ এডাল গছত গৰুৰ পঘাৰে চিপ লৈ আত্মহত্যা কৰে। অঞ্চলটোৰ সামাজকৰ্মী আদৰ্শ কৃষক অৰুণ চন্দ্ৰ নাথৰ মৃত্যুক সহজে লোৱা নাই পৰিয়াল তথা অঞ্চলটোৰ লোকে।

দুৰ্গা পূজালৈ মাথো কেইটামান ঘন্টা বাকী থকা অৱস্থাতে পত্নী, দুই কন্যা আৰু নাৱালক পুত্ৰক এৰি আত্মহত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া তথা প্ৰশ্নৰ উদ্ৰেক হৈছে৷ শিক্ষা বিভাগৰ সংস্কাৰৰ বাবে অনুষ্ঠিত কৰা গুণোৎসৱৰ আলম লৈ একাংশ দায়িত্বপ্ৰাপ্ত বিষয়াৰ কঠোৰ নিৰ্দেশ তথা চাপ সহিব নোৱাৰি শিক্ষকগৰাকীয়ে এই সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপিত হৈছে৷

এটি চক্ৰই শিক্ষকগৰাকীক ভাবুকি দিয়াৰ বাবেও চৰম পন্থা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে, শনিবাৰে মান্দাকাটাত গুণোৎসৱ সন্দৰ্ভত অনুষ্ঠিত কৰা শিবিৰত প্ৰশিক্ষণ লৈ নিশা ১২ বজা পৰ্যন্ত শিক্ষকগৰাকীয়ে নিজৰ কন্যাৰ সহযোগত গুণোৎসৱ সম্পৰ্কীয় কাম-কাজ কৰিছিল৷

আনকি কিছুদিন পূৰ্বে গুণোৎসৱৰ কাম-কাজৰ ভাৰ অকলে সহিব নোৱাৰি শিক্ষাখণ্ডৰ পৰা এগৰাকী শিক্ষক বিচাৰিছিল নাথে। যাৰ ফলত বিদ্যালয় পৰিচালনা সমিতিৰ সৈতেও মনোমালিন্যৰ সৃষ্টি হৈছিল তেওঁৰ৷ শিক্ষকগৰাকীক একাংশ লোকে অকলে কাৰো সহায় নোলোৱাকৈ গুণোৎসৱক কেনেকৈ সফল কৰে চাই লও বুলিও কোৱা বুলি অভিযোগ উত্থাপিত হৈছে।

শিক্ষকগৰাকীয়ে শেহতীয়াকৈ পৰিয়ালৰ সন্মুখত "এই কেইজনে মোক খালে" বুলি প্ৰায়ে কৈ আহিছিল৷ কাক উদ্দেশ্যি শিক্ষকগৰাকীয়ে পৰিয়ালৰ সন্মুখত এই কথা কৈছিল সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই। যি নহওক এই বিভিন্ন দৃষ্টি কোণৰ পৰা শিক্ষকগৰাকীয়ে পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে গুণোৎসৱৰ চাপৰ ফলত এই পন্থা অৱলম্বন কৰা বুলি চৰ্চা হৈছে।

শিক্ষকগৰাকীৰ এই দুৰ্ভাগ্যজনক মৃত্যুৰ খবৰ পোৱাৰ পিছত স্থানীয় বাইহাটা চাৰিআলি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে। ইফালে ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে পৰিয়াল তথা স্থানীয় ৰাইজে।