
মঙলদৈঃ দৰং জিলাৰ ৰাজঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক লোজোৰা গাওঁৰ নিবাসী ভাৰত ভূষন মহন্ত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বটাৰ বাৱে নিৰ্বাচিত হৈছে। অহা ৫ চেপ্তেম্বৰত শিক্ষক দিৱসত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুস্থিত হৱলগীয়া শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্য্যসুচীত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কৃতি শিক্ষকৰ বটাঁ প্ৰদান কৰিব কৃতি শিক্ষকগৰাকীক৷
অসমীয়া বিষয়ত স্নাতকোক্তৰ ডিগ্ৰী আৰু হিন্দী বিষয়ত প্ৰবীন পৰীক্ষাত উত্তীৰ্ণ ভাৰত ভূষন মহন্তই ২০০১ বৰ্ষত জিলা ভিত্তিক কৃতি শিক্ষক বটাঁ¸ ২০১৫ বৰ্ষত অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা পাৰদৰ্শী শিক্ষকৰ বটাঁও লাভ কৰিছিল৷ আনহাতে সমাজৰ ভিন্ন কামত আগৰনুৱা শিক্ষকগৰাকীয়ে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিচাপেও সু দায়িত্ব পালন কৰিছিল।
লগতে মহন্তই কেইবাখনো মুল্যবান গ্ৰন্থও প্ৰকাশ কৰি উলিয়াইছে। ‘শিয়ালা বৈষ্ণৱৰ কাহিনী’¸ ‘অক্টোপাছ’¸ ‘কৃষ্ণ অনিন্দিতাৰ কথাৰে’¸ ‘সময় তাগিদা’¸ ‘পুঠি স্বৰূপ খটৰা সত্ৰ’ আৰু ‘গোবিন্দ আতা’¸ ‘প্ৰাত সভা’ আদি ৰচনাৰে দৰং জিলাৰ ভাষা সাহিত্যত যথেষ্ট অৰিহণা যোগাইছে৷
ভাৰত ভূষন মহন্তই দৰং জিলাৰ একমাত্ৰ কৃতি শিক্ষক হিচাপে ৰাষ্ট্ৰপতিৰ পৰা সন্মান লাভ কৰিছে। এই খৱৰটোৱে এতিয়া বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে শিক্ষক সমাজকো উৎফুল্লিত কৰি তুলিছে৷