
বঢ়মপুৰঃ পোহৰলৈ বাট দেখুওৱা আঙুলিবোৰেই যেতিয়া এন্ধাৰৰ কিটানু হয়৷ শিক্ষক নহয় যেন সন্ত্ৰাসবাদী হে৷ শিক্ষকৰ দৰে এটা পবিত্ৰ আৰু সন্মানীয় বৃত্তিক কলংকিত কৰি নগাঁও জিলাৰ আউনিআটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ এজন শিক্ষকে উদঙালে নিজৰ স্বৰূপ৷
শ্ৰেনীকোঠাত পাঠদান কৰিবলৈ গৈ "ডেৰ বছৰ ৰাইফল ধৰা হাত, এচৰ সোধালে ইখন গাল সিখনহৈ দাঁত মাটিত পৰিব" বুলি ছাত্ৰ-ছাত্ৰীক ভীতিগ্ৰস্থ কৰা এজন শিক্ষকৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ উঠিছে অভিভাৱকসকল৷ বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীক বিভিন্ন কথাৰে ভয় দেখুৱাই অহা শিক্ষকৰূপী দানৱজনৰ বিৰুদ্ধে আজি অঞ্চলটোৰ ৰাইজ আৰু অভিভাৱক সকলে বিদ্যালয়খনৰ প্ৰধান শিক্ষকক অভিযোগ উত্থাপন কৰে৷
কিন্তু প্ৰান্তিক গোস্বামী নামৰ এই ভণ্ড শিক্ষকজনৰ চৈৰাচাৰী আৰু উগ্ৰ স্বভাৱৰ বাবে প্ৰধান শিক্ষকেও ভয় কৰে বুলি ৰাইজে অভিযোগ তোলে৷ আনহাতে বিভাগীয় কৰ্তৃপক্ষৰ আশীষপুষ্ট প্ৰান্তিক গোস্বামী নামৰ শিক্ষক গৰাকীয়ে বিভিন্ন অজুহাত দেখুৱাই বিদ্যালয়ত অনুপস্থিত থকাৰো অভিযোগ আনে স্থানীয় ৰাইজ, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে৷
তদুপৰি সমাগত গুণোৎসৱৰ প্ৰাকমূহুৰ্তত স্বাস্থ্যজনিত অজুহাত দেখুৱাই ২ মাহৰ ছুটি লৈ বিদ্যালয়ত উপস্থিত নথকাত ছাত্ৰ-ছাত্ৰীৰ নিৰ্দিষ্ট বিষয়টোৰ পাঠদান স্থগিত ৰাখিব লগা হৈছে৷
যাৰ ফলত আগন্তক গুণোৎসৱৰ প্ৰাৰম্ভনিত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল বিপাঙত পৰিবলগীয়া হৈছে৷ যাৰ বাবে আজি স্থানীয় ৰাইজ, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকলোৱে মিলি বিদ্যালয়খনৰ প্ৰধানশিক্ষকৰ ওচৰত অভিযোগ দাখিল কৰে৷
আনহাতে ৰাজ্যৰ শিক্ষামন্ত্ৰী জনে এনে শিক্ষক নামৰ সন্ত্ৰাসবাদীজনৰ বিৰুদ্ধে কেতিয়া বিহিত ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লৈ ৰাইজৰ মনত প্ৰশ্নৰ উদয় হৈছে৷