প্ৰতিকী ফটো,উৎস ইন্টাৰনেট, BW Businessworld
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট, BW Businessworld

নগাঁওঃ মানৱ সম্পদ গঢ়াৰ খনিকৰে খালে ছাত্ৰ-ছাত্ৰীৰ টকা৷ নগাঁও জিলাৰ দলংঘাট উন্নয়ণ খণ্ডৰ এলেকাধীন জাজৰিৰ নৱ জীৱন শিশু শ্ৰমিক বিদ্যালয়ৰ পৰ্ধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ৷ এই অভিযোগ উত্থাপন হোৱাৰ পাছতে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

অভিযোগ মতে, শিশু শ্ৰমিকসকলৰ কল্যাণাৰ্থে স্থাপিত এই বিদ্যালয়খনৰ শিক্ষক আৰু কৰ্মচাৰীয়ে বিদ্যালয়ৰ কণ কণ শিশুসকলৰ বাবে আবন্টিত হৈ অহা বছৰেকীয়া ভাট্টাৰ ধন কৌশলেৰে অভিভাৱকসকলক অন্ধকাৰত ৰাখি আত্মসাতৰ অভিসন্ধিত লিপ্ত হৈছে ৷

প্ৰায় এমাহৰ পূৰ্বেই বিদ্যালয়খনৰ মুঠ ৫০ গৰাকী শিক্ষাৰ্থীৰ বাবে অহা প্ৰায় আঢ়ৈ লক্ষাধিক টকা মিথ্যাচাৰেৰে অভিভাৱকসকলৰ অজ্ঞাতে ছাত্ৰ-ছাত্ৰীৰ পৰা চহী লৈ ইউ বি আইৰ জাজৰি শাখাৰ পৰা উলিয়াই আনে যদিও বিদ্যালয়ৰ কৰ্মৰত শিক্ষক-কৰ্মচাৰীকেইজনে সঠিকভাৱে বিতৰণ নকৰে৷

ইয়াৰ পৰিৱৰ্তে একোটি শিশুৰ বাবে অহা ৫,৬০০ টকাৰ ভিতৰত মাত্ৰ দুহাজাৰ-ডেৰ হাজাৰকৈ টকাহে কিছু সংখ্যক অভিভাৱকৰ ঘৰে ঘৰে গৈ বিতৰণ কৰি বাকী সমুদায় ধন উদৰস্থ কৰাৰ অভিযোগ উঠিছে ৷

কিন্তু এনেদৰে শিশুৰ মাজত ভাট্টাৰ ধন বিতৰণ কৰাৰ বিষয়ে জানিব পাৰি প্ৰাপ্য ধনৰ কৰা বঞ্চিত হৈ থকা কেইবাজনো অভিভাৱকে ইজনে সিজনক লাভ কৰা ধনৰ পৰিমাণৰ বিষয়ে সোধা-পোছা কৰাতহে প্ৰকৃত সত্য পোহৰলৈ আহে ৷

এনেদৰে ছাত্ৰ-ছাত্ৰীৰ বাবে অহা ধন সম্পূৰ্ণকৈ নিয়ম অনুসৰি বিতৰণ নকৰি কমকৈ বিতৰণ কৰাত স্বাভাবিকতেই ক্ষুভিত হৈ পৰে একাংশ অভিভাৱক৷ এনে পৰিস্থিতিত পৰি একাংশ অভিভাৱকে কালি বিয়লি বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰী ৰূপা বেগমৰ ঘৰত উপস্থিত হৈ শিক্ষাৰ্থীৰ ভাট্টাৰ ধনৰ সন্দৰ্ভত কৈফয়ৎ বিচৰাত শিক্ষয়িত্ৰীগৰাকীয়ে খঙত অগ্নিশৰ্মা হৈ অভিভাৱকসকলক ওলোটাই অপদস্থহে কৰে ৷

আনকি মতগৰ্বী শিক্ষয়িত্ৰীগৰাকীয়ে লগত কেইবাগৰাকীও মহিলাক লৈ সকলোকে গালি-গালাজ পাৰি ঘৰৰ পৰা খেদি পঠিওৱাৰ লগতে আব্দুল চোভান নামৰ লোকজনক বেয়াকৈ মাৰধৰ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

অৱশ্য এই ঘটনাৰ খবৰ পাই স্থানীয় জাজৰি থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে আঘাতপ্ৰাপ্ত আব্দুল চোভানক উদ্ধাৰ কৰি থানালৈ লৈ আহি চিকিৎসা প্ৰদান কৰে৷

কিন্তু শিক্ষয়িত্ৰী ৰূপা বেগমে এনেদৰে অভিভাৱকসকলক দুৰ্ব্যৱহাৰ কৰাৰ উপৰি আব্দুল চোভান নামৰ লোকজনক মাৰধৰ কৰাতে ক্ষান্ত নাথাকি ওলোটাই তেওঁকহে লোকজনে শাৰীৰিকভাৱে অপদস্থ কৰা বুলি মিছা অভিযোগ তুলি জাজৰি থানাত এজাহাৰহে দাখিল কৰাত অঞ্চলজুৰি তীব্ৰ চাঞ্চলৰ সৃষ্টি হৈছে ৷

ইফালে,ৰূপা বেগমৰ দ্বাৰা প্ৰহৃত লোকজনৰ পৰিয়ালেও পিছত ৰূপা বেগমৰ বিৰুদ্ধে মাৰপিতৰ অভিযোগ তুলি এখন এজাহাৰ জাজৰি থানাত দাখিল কৰে ৷

কাজেই,এই ঘটনাই স্থানীয় সচেতন মহলক উদ্বিগ্ন কৰি তোলাৰ বিপৰীতে এনেদৰে শিশুৰ নামত অহা ভাট্টাৰ ধন আত্মসাৎ কৰাৰ ঘটনাৰ উচিৎ তদন্তৰে দোষীক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে সচেতন লোকসকলে৷