গোৰেশ্বৰঃ নিজৰ জীৱন-যৌৱন মানৱ সম্পদ গঢ়াৰ নামত ধ্বংস কৰা দুগৰাকী শিক্ষকে চকুলো টুকি বিদায় ললে দেওবাৰে৷ বুকুত অযুত যন্ত্ৰণা লৈ চকুলো টুকিলে তেওলোকে৷ তেওলোকৰ চকুলো টোকা দৃশ্য বৰ্ণনা কৰিব নোৱাৰি৷ হৃদয় বিদাৰক আছিল সেই দৃশ্য৷ সমগ্ৰ জীৱন শিক্ষাদানৰ নামত পাৰ কৰা দুই শিক্ষকে নিজৰ ঘৰ খন, সন্তান কেইটাৰ বাবে একো কৰিব নোৱাৰিলে৷ নিজৰ সন্তানক পঢ়াব নোৱাৰিলে৷ তেওলোকে সমাজৰ বাবে যিখিনি কৰিলে তাৰ বাবে চৰকাৰে স্বীকৃতি নিদিলেও ৰাইজে তেওলোকক স্বীকৃতি দিছে হাজাৰ হাজাৰ বাৰ৷ তেওলোক আছিল আদৰ্শ শিক্ষক৷

তেওলোকৰ মূল্য চৰকাৰে বুজি নাপালেও বুজি পাইছিল সেই সকল দৰিদ্ৰ মানুহে যিসকলৰ সন্তানক ব্যক্তিগত বিদ্যালয়ত পঢ়াবলৈ নাছিল টকা৷ যিসকলৰ সন্তানক গাঁৱৰ ভিতৰৰ পৰা চহৰৰ নামি-দামী ব্যক্তিগত বিদ্যালয়ত পঢ়াবলৈ সামৰ্থ নাছিল৷ শ-শ লৰা-ছোৱালীক বৰ মানুহ কৰিছে তেওলোকে৷ কিন্তু ত্যাগ কৰিলে তেওলোকে৷ চৰকাৰে একো নিদিলেও নীৰৱে কৰি গৈছিল মহান শিক্ষদানৰ কাম৷ চৰকাৰে সংগ নিদিলেও ৩২ বছৰীয়া জীৱনৰ অন্তিমটো দিনত তেওলোকক সংগ দিলে ৰাইজে৷

দুই খনিকৰে প্ৰতিষ্ঠা কালৰ পৰা এখন বিদ্যালয়ত মানৱ সম্পদ গঢ় দিছিল৷ অৱশেষত ভেন্সাৰ স্কুলৰ শিক্ষক হিচাপে অৱসৰ ললে৷ জেদী শিক্ষামন্ত্ৰী ড়০ হিমন্ত বিশ্ব শৰ্মাৰ আকোঁৰগোজ মনোভাৱৰ বাবে এতিয়া ভেন্সাৰ শিক্ষকে চকুপানী টুকি দিন পাৰ কৰিছে। এজন এজনকৈ বহু শিক্ষকে হয়তো কোনোৱাই চাকৰিৰ পৰা নহয় জীৱনৰ পৰা বিদায় লৈছে প্ৰতিদিনে।

বাক্সা জিলাৰ তামুলপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত নাওকাটাৰ জাবাংপাৰ মিলন মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা বিনা বেতনে অবসৰ ল'লে  এই দুই শিক্ষকে। ১৯৮৫ চনতে স্থাপিত তথা বিদ্যালয়খন স্থাপনৰ ৩২ বছৰ পাৰ হোৱাৰ পিছতো ৰাজ্য চৰকাৰৰ জটিল শিক্ষানীতিৰ বাবেই আজিকোপতি ভেন্সাৰ হৈ থকাৰ পিছত দুজনকৈ শিক্ষাগুৰুৱে  অৱসৰ লোৱাত এক কৰুণ পৰিবেশৰ সৃষ্টি হয় বিদ্যালয়খনত।

জীৱনৰ অমূল্য ৩২ বছৰ শিক্ষকতা কৰি অৱসৰ ল'লে ৰামেশ্বৰ বেজবৰুৱা আৰু অমূল্য ৰাম বেজবৰুৱাই। জীৱন নিৰ্বাহৰ বাবে নিজে পথাৰত হাল বাই পৰিয়াল-পোহপাল দিছিল অৱসৰৰ মুহূৰ্তলৈ শিক্ষকতা কৰা ৰামেশ্বৰ বেজবৰুৱাই। শিক্ষাৰে জ্ঞানৰ পোহৰ বিলোৱা ৰামেশ্বৰ বেজবৰুৱাই আনকি নিজৰ সন্তানক উচ্চ শিক্ষা দিব নোৱাৰিলে কেবল আৰ্থিক দৈন্যতাৰ বাবে। আনহাতে হতাশ আৰু শোকবিহ্বল হৈ অমূল্য ৰাম বেজবৰুৱাই ৰাজহুৱা বিদায় সম্বৰ্ধনাত কান্দি-কাতি সাংবাদিকৰ পৰা দূৰতে থাকিল। বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, অভিভাৱক, সতীৰ্থ শিক্ষকে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰি বিদায় দিলে তেওলোকক৷ শিক্ষামন্ত্ৰীয়ে এই সকল শিক্ষকক চকু মেলি চোৱাৰ প্ৰয়োজন আছে৷