গোৰেশ্বৰঃ ৰাজ্যত এতিয়া ভেন্সাৰ স্কুলৰ শিক্ষকৰ দুখ-দুৰ্দশা, দুৰ্গতি, আলৈ-বিলৈ কুলাই-পাচিয়ে নধৰা হৈছে৷ দিনৰ দিনটো শিক্ষাদানৰ নামত ব্যস্ত থকা হাজাৰ হাজাৰ শিক্ষকে এতিয়া হাহাকাৰ কৰিব লগা হৈছে৷ এসাজ ভাত, বস্ত্ৰৰ, সন্তানৰ পঢ়া খৰছৰ বাবে আনৰ ঘৰত হাজিৰা নতুবা অইন কাম কৰিব লগা হৈছে৷ বহু শিক্ষাগুৰুৱে গাড়ী চলাব লগা হৈছে৷ বহু শিক্ষকে পৰিয়াল পোহপাল দিব নোৱাৰি আত্মাহত্যা কৰিছে৷

বহু শিক্ষকে ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰিব নোৱাৰি বিনা বেতনে পৃথিৱীৰ পৰা মেলানি মাগিছে৷ তাৰ মাজতে আৰু এগৰাকী মানৱ সম্পদ গঢ়াৰ খনিকৰে এই পৃথিৱীৰ পৰা অন্তৰত বহু বেদনা লৈ মেলানি মাগিলে৷ ২৩ বছৰ বিনা বেতনে ভেন্সাৰ শিক্ষানুষ্ঠানৰ কৰ্মৰত আন এজন শিক্ষাগুৰুৱে শিক্ষামন্ত্ৰীৰ আকোঁৰগোজ মনোভাৱৰ বাবে প্ৰাণ দিব লগা হ'ল বুলি অভিযোগ উত্থাপন হৈছে৷

ওদালগুৰি জিলাৰ বৰনদীঝাৰ তথা বাক্সা জিলাৰ গোৰেশ্বৰ-আন্ধেৰীঘাটৰ নিকটৱৰ্তী নাৰায়ণ বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক টংকেশ্বৰ ৰাজবংশীয়ে (৪৮) দেওবাৰে নিশা প্ৰায় ৭.৩০ বজাত উচ্চৰক্ত চাপ জনিত কাৰণত মৃত্যুক আকোৱালি লয়। ১৯৯৪ চনতে স্থাপিত বিদ্যালয়খনত প্ৰতিষ্ঠা কালৰে পৰা শিক্ষকতা কৰি আছিল টংকেশ্বৰ ৰাজবংশীয়ে৷ শিক্ষাবিভাগে ভেন্সাৰ স্কুল প্ৰাদেশিকীকৰণ বাবে নিতৌ নতুন নিয়ম আৰু শিক্ষকৰ ওপৰত বান্ধি দিয়া প্ৰাদেশিকীকৰণ চৰ্তৰ বাবে আচলতে অকালতে প্ৰাণ হেৰুৱাব লগা হ'ল বুলি শিক্ষকৰ পৰিয়াল আৰু স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে।

নতুন প্ৰাদেশিকীকৰণ আইন মতে ডিএলএড ডিগ্ৰী ল'ব লগা হোৱা বাবে ৰঙিয়াত নামভৰ্তিও কৰিছিল শিক্ষকজনে। দেওবাৰ ৰঙিয়াত ডিএলএডৰ ক্লাচ কৰিবলৈও যোৱা কথা আছিল তেওঁৰ। পত্নী আৰু তিনিজনী কন্যা সন্তানৰ পিতৃ তথা ঘৰৰ একমাত্ৰ উপৰ্জনকাৰী টংকেশ্বৰ ৰাজবংশীয় খেতি কৰি পৰিয়ালটো কোনোমতে পোহপাল দি আছিল। ডিএলএডৰ ক্লাচ, খেতিবাতি, প্ৰাদেশিকীকৰণ চিন্তাত ষথেষ্ঠ মানসিক চাপত আছিল বুলি প্ৰকাশ কৰিছে পৰিয়ালে।

ৰঙিয়ালৈ যোৱাৰ প্ৰাকমুহূৰ্তত  শিক্ষকজন উচ্চৰক্তচাপত আক্ৰান্ত হয়। লগে লগে তেওঁৰ প্ৰথমে জিএনআৰচি আৰু পিছলৈ গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ নিয়া হয় যদিও সন্ধিয়া ৭.৩০ বজাত মৃত্যুক আকোৱালি লয়। মৃতদেহ ঘৰলৈ অনাত এক শোকাকুল পৰিবেশে বিৰাজ কৰে বৰনদীঝাৰ গাঁৱত। অঞ্চলটোৰ বিভিন্ন সামজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত টংকেশ্বৰ ৰাজবংশীৰ ঘৰত অনেক গুণমুগ্ধই ভিৰ কৰে। শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জেদী আখ্যা দি মন্ত্ৰীগৰাকীয়ে শিক্ষকগৰাকীক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে৷

জেদী হিমন্তই আজিলৈ বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ নকৰাৰ বাবেই ইজনৰ পিছত সিজন ভেন্সাৰ স্কুলৰ শিক্ষকে প্ৰাণ হেৰুৱাব লগা হোৱা বুলি শিক্ষামন্ত্ৰীক ধিক্কাৰ দিয়ে গাঁওবাসীয়ে। শিক্ষামন্ত্ৰীয়ে ভেন্সাৰ শিক্ষকসকলক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰাৰ পিছত তেওঁক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি উষ্মা প্ৰকাশ কৰে শোকস্তব্ধ গাওঁবাসীয়ে। ইপিনে বৰ্তমানে বিদ্যালয়, মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি থকা তেওঁৰ কন্যাৰ দায়িত্ব হিমন্ত বিশ্বই ল'বনে বুলি প্ৰশ্ন উত্থাপন কৰে বহু লোকে। শীঘ্ৰে বিদ্যালয় প্ৰাদেশিকীকৰণ নকৰিলে বহু শিক্ষকে এনেদৰে প্ৰাণ আহুতি দিব লাগিব আৰু ইয়াৰ বাবে মানৱীয়তাৰ বিৰুদ্ধচৰণ কৰা একমাত্ৰ শিক্ষামন্ত্ৰীয়ে দায়বদ্ধতা স্বীকাৰ কৰিব লাগিব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।