
অভয়াপুৰীঃ ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি বিশ্ব বিশ্ৰুত পণ্ডিত আজীৱন শিক্ষক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিনটোত সমগ্র দেশে পালন কৰে শিক্ষক দিৱস। শিক্ষক সকলৰ অক্লান্ত শ্ৰমৰ বিনিময়ত এগৰাকী ছাত্ৰ-ছাত্ৰী ভৱিষ্যতে দেশৰ সু-নাগৰিক হিচাপে পৰিগনিত হয়।
শিক্ষক সকলৰ নিস্বাৰ্থ পৰিশ্ৰমক মৰ্যাদা দিবলৈ আজিৰ দিনটোত সমগ্র দেশৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰীত চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান সমূহৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত পালন কৰা হয় গুৰু-শিষ্যৰ এই পবিত্র দিৱসটি। আজি অভয়াপুৰীত কচমচ্ ক্লাৱৰ উদ্যোগত পালন কৰা হয় শিক্ষক দিৱস।
ৰাতিপুৱা পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচীৰ পাতনি মেলা শিক্ষক দিৱসৰ অনুষ্ঠানত জিলা খনৰ বিশিষ্ট শিক্ষাবিদ থানেশ্বৰ শৰ্মা সোঁৱৰণী বিদ্যানিধি সন্মান সম্বর্ধনা আগবঢ়োৱা হয় অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী শিক্ষাবিদ কমলেশ্বৰ দাস দেৱক। বঁটাগ্ৰহণ কৰি কমলেশ্বৰ দাসে বিশিষ্ট শিক্ষাবিদ প্ৰয়াত থানেশ্বৰ শৰ্মাৰ লগত অতিবাহিত কৰা স্মৰনীয় দিনবোৰ ৰোমন্থন কৰি আৱেগিক হৈ পৰে।
উক্ত শিক্ষক দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি বজালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক দীনেন্দ্ৰ গোস্বামীয়ে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱনাদৰ্শনৰ ওপৰত আলোকপাত কৰে। ইপিনে লেংটিছিঙাৰ সমীপবৰ্তী কুশবাৰী এমই বিদ্যালয়তো NSUIৰ উদ্যোগত পালন কৰা হয় শিক্ষক দিৱস। উক্ত অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদক সম্বর্ধনা জনোৱা হয়।