
দলংঘাটঃ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ৫৬ তম জন্মদিৱস উপলক্ষে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ দেওমৰনৈ আঞ্চলিক সমিতিয়ে আজি শিক্ষক দিৱস পালন কৰে। সমিতিখনে শিক্ষক দিৱসৰ সংগতি ৰাখি দেওমৰনৈ অঞ্চলৰ ৬ গৰাকী শিক্ষকক শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।
দেওমৰনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ মতিৰাম শইকীয়া, দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ গীতালি কলিতা, দেওমৰনৈ বি এড মহাবিদ্যালয়ৰ অধ্যক্ষা চাৰুস্মৃতা মহন্ত, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অক্ষয় কুমাৰ নাথ, দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মীনা কুমাৰী গোস্বামী আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তথা দেওমৰনৈ মডেল ইংলিচ স্কুলৰ শিক্ষক গোপাল চন্দ্ৰ শৰ্মাক দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাই তেখেত সকলৰ শিক্ষানুষ্ঠানত উপস্থিত হৈ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।
দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া, সাধাৰণ সম্পাদক নয়নজ্যোতি শৰ্মা, উপসভাপতি নিখিল শৰ্মা, শিক্ষা সম্পাদক জোনজ্যোতি ডেকাৰ নেতৃত্বত এটা প্ৰতিনিধি দলে শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক শুভেচ্ছা জ্ঞাপন কৰে আৰু শ্ৰদ্ধা জনায়।