ধেমাজিঃ ধেমাজি জিলাৰ অতি পুৰণি অঞ্চলৰ বৃহত্তৰ চিচিবৰগাঁও একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান চিচিবৰগাঁও মহাবিদ্যালয়ত আজি ৫ ছেপ্টেম্বৰ তাৰিখে অতি উৎসাহজনক ভাৱে শিক্ষক দিৱস উদযাপন কৰা হয়।

আজি শিক্ষক দিৱসৰ দিনা মহাবিদ্যালয় খনত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখন শৈক্ষিক সভাও অনুষ্ঠিত কৰা হয়। সভাখনত সভাপতিত্ব কৰে অধ্যক্ষ থানুৰাম ভূঞাই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই চিচিবৰগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক বাবু চুতীয়াই।