গোলকগঞ্জঃ আজি ৫৬ সংখ্যক শিক্ষক দিৱস উপলক্ষে ধুবুৰী জিলাৰ ৫৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক জিলা প্ৰশাসন তৰফৰ পৰা কৃতি শিক্ষকৰ বটাঁ প্ৰদান কৰা হয়৷ বিলাসীপাৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত জিলা ভিত্তিক শিক্ষক দিৱস অনুষ্ঠানত কৃতি শিক্ষকসকলক গামোচা শৰাঁই আৰু মান পত্ৰৰে সন্মানিত কৰা হয়।

অতিৰিক্ত উপায়ুক্ত ছোৰমান আলী আহমেদৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত বিলাসীপাৰা মহকুমাধিপতি ড০ এম এছ লক্ষীপ্ৰিয়া, জিলা সাহিত্য সভাৰ সভাপতি আবুল হাচান শ্বেখ আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।

সভাপতিৰ ভাষণত আলী আহমেদ শিক্ষকসকলক আজিৰ এই দিনটোত কৰ্তব্য পৰাযণতা, দায়িত্ববোধ আৰু নিয়মানুৱৰ্তিতাৰ বিষয় সমূহ আলোচনা কৰিবলৈ আহবান জনায়। তেওঁ কয় যে কৰ্তব্যত ফাঁকি দিয়া আৰু অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত যাতে শাস্তিৰ সন্মূখীন হ'বলগীয়া ধৰণৰ ঘটনা নঘটে তাৰ বাবে সন্মানীয় শিক্ষক সকল সতৰ্ক হ'ব লাগিব।

অনুষ্ঠানত দিয়া ভাষণত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা ই কয় যে আমাৰ দেশত শিক্ষক সকলক যথেষ্ট সন্মানৰ চকুৰে চোৱা হয়। তাৰ উচিত মূল্য দিবলৈ পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ শিক্ষক সকলক নিৰন্তৰ ভাৱে জ্ঞানৰ অন্বেষণ চলাই যাবলৈ তেওঁ আহবান জনায়।

সভাৰ আৰম্ভনিতে আদৰণি ভাষণ দিয়ে জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক সাজু কুমাৰ যাদৱে। সভাত আঁত ধৰে শিক্ষা বিভাগৰ অহিদ খানে৷