হোজাইঃ হোজাই জিলাৰ নীলবাগানৰ অন্যতম বেচৰকাৰী শিক্ষানুষ্ঠান নৱজ্যোতি একাডেমীত আজি ব্যাপক উলহ মালহ আৰু জাকজমকতাৰে শিক্ষক দিৱস উদযাপন কৰা হয়৷ নৱজ্যোতি একাডেমীৰ ছাত্ৰ ছাত্ৰীয়ে আয়োজন কৰা শিক্ষক দিৱস কাৰ্যসুচীত অঞ্চলটিৰ কেইবাগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ লগতে নৱজ্যোতি একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰীসকলক সমৰ্ধনা জনোৱা হয়৷

বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল কালামৰ সভাপতিত্বত অনুষ্ঠিত উক্ত শিক্ষক দিৱসৰ সভাখনৰ উদ্দেশ্য বাখ্যা কৰে বিদ্যালয়খনৰ দশম শ্ৰেনীৰ ছাত্ৰী সিদ্দিকা সাহদিয়াই৷ সভাত ভাষণ প্ৰসংগত বিদ্যালয়খনৰ ছাত্ৰী-ছাত্ৰীয়ে শিক্ষকসকলৰ শিক্ষাদানৰ মহৎ উদ্দেশ্যৰ বিষয়ে কৃতজ্ঞতাৰে সুঁৱৰি ছাত্ৰ-ছাত্ৰীৰ জীৱনত প্ৰতিগৰাকী শিক্ষকৰ অৱদানৰ বিষয়ে আলোকপাত কৰে আৰু সমাজ গঠনত শিক্ষকৰ মহান ভুমিকাৰ বিষয়ে বহলাই বাখ্যা কৰে৷

শিক্ষক দিৱসৰ কাৰ্যসুচীত ছাত্ৰ ছাত্ৰীয়ে শিক্ষকসকলৰ মাজত আকস্মিক বক্তৃতা, কুইজ আৰু গানৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷ কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে নৱজ্যোতি একাডেমীৰ সহ শিক্ষক মাহমুদ আলী, চেলিম উদ্দিন, স্বাকিৰ আহমেদ আৰু ৰহিমা বেগমৰ চাৰিজনীয়া দলটিয়ে৷ আকস্মিক বক্তৃতাত গামোচাৰ ওপৰত বক্তৃতা প্ৰদান কৰি প্ৰথম স্থান অধিকাৰ কৰে মাহমুদ আলীয়ে৷

সভাত নৱজ্যোতি একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অৱসৰপ্ৰাপ্ত কেইবাগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ছাত্ৰ-ছাত্ৰীয়ে ফুলাম গামোচা, কলম, জাপি আদিৰে সম্বৰ্ধনা জনায়৷ সভাৰ অন্তত বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল কালামে প্ৰতিজন শিক্ষকৰ লক্ষ্য আৰু আদৰ্শৰ বিষয়ে সকলোকে অৱগত কৰি শিক্ষক সমাজে ছাত্ৰ-ছাত্ৰীক নিজৰ জীৱনৰ লক্ষ্যত উপনীত কৰিবলৈ কিমান কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হয় তাৰ ওপৰত ভাষণ আগবঢ়ায়৷