05
Sep
2017

কমলপুৰঃ আজি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশত পালন কৰা হৈছে শিক্ষক দিৱস৷ ৰাজ্যৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানত শিক্ষক দিৱস পালন কৰাৰ লগতে কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্রৰ অন্তৰ্গত দিগুনপাৰৰ সেচ্ছাসেৱী সংগঠন ‘সময়’ৰ উদ্যোগতো ব্যতিক্ৰমীভাৱে শিক্ষক দিৱস পালন কৰা হয়৷
আজি সংগঠনটোৱে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বৃহত্তৰ এলেকাৰ অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী সকলৰ ঘৰে ঘৰে গৈ গামোচা, ধৰ্মীয় পুথি আদি প্ৰদান কৰি সম্বৰ্ধনা জনায়৷ সম্বৰ্ধনাৰ শেষত সংগঠনটোৰ উদ্যোগত বৰডেকপাৰত এখন ৰাজহুৰা সভা অনুষ্ঠিত কৰি অনাগত দিনৰ কাৰ্যসূচীৰ বিষযে আলোচনা কৰে।