তেজপুৰঃ ভৰতৰ দ্বিতীয়গৰাকী ৰাষ্টপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে ৫ চেপ্চেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়৷ এডাল মমবাটিৰ দৰে জ্বলি জগতত পোহৰ জ্ঞানৰ পোহৰ বিলোৱা শিক্ষকসকলৰ বাবে আজি এটা বিশেষ দিন৷ শিক্ষকৰ অশ্, কষ্ট আৰু সাধনাৰ ফলশ্ৰুতিতে সৎ মানুহৰ জন্ম হয়৷

সেই  বাবেই আজিৰ এর বিশেষ দিনটোত শিক্ষক জাতিক এজোলোকা প্ৰণিপাত জনাই কৃতজ্ঞতা জ্ঞাপন কৰা হয়৷ শিক্ষাগুৰু সকলৰ ত্যাগ আৰু জ্ঞানক শ্ৰদ্ধা জনাই আজি তেজপুৰতো জিলা প্ৰশাসন আৰু শিক্ষক সন্থা সমুহৰ সহযোগত ৫৬ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়।

পুৱা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অংশগ্ৰহণৰে এক শোভাযাত্ৰা উলিয়াই জিলা পুথিভঁৰালত উপস্থিত হোৱাৰ পাছত বিশ্বনাথ জিলা উপাযুক্ত অসিতাক্ষ চক্ৰবৰ্তীয়ে বন্তি প্ৰজ্বলন কৰে৷ ইয়াৰ পাছতে অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট শিক্ষাবিধ ড° ৰমেশ চন্দ্ৰ গোস্বামী আৰু মৃনালী চেতিয়াই নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে। আজি জিলা খনৰ ৫৪ গৰাকী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷