
নগাঁওঃ দেশৰ আন ঠাইৰ লগতে জুৰীয়াৰ অন্যতম ব্যাক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান দগাঁও আদৰ্শ জাতীয় বিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে শিক্ষক দিৱস পালন কৰা হয়।
ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পনেৰে আৰম্ভ হোৱা শিক্ষক দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত গীত-মাত প্ৰতিযোগিতাৰ লগতে শিক্ষাৰ্থী-শিক্ষকৰ মাজত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। ছাত্র-ছাত্ৰীসকলে শিক্ষা গুৰু সকলক এটি গছ পুলিৰে সম্বৰ্ধনা জনায়৷
ইপিনে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি স্থানীয় অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ‘মানৱ বিকাশ ছ'চাইটি’ৰ উদ্যোগত তথা নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত বিদ্যালয়খনত গাওঁ ভিত্তিক প্ৰতিবেশী যুৱ সাংসদ অনুষ্ঠান অনুষ্ঠিত হয়। তদুপলক্ষে বিদ্যালয় চৌহদত বৃক্ষ ৰোপণ কৰাৰ উপৰিও আলোচনা সভাত স্বচ্ছ ভাৰত আৰু যোগাসনৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য প্ৰদান কৰে সমল ব্যক্তি আবু ছাদিক কবীৰে।
অধ্যক্ষ ইৰশ্বাদুল হকৰ সঞ্চালনাত অনুষ্ঠিত সভাত বিদ্যালয়খনৰ মনিটৰ মেহদী ইকবাল খান, স্বেচ্ছাসেৱী অনুষ্ঠানৰ সম্পাদক নাজিম আহমেদ, এন ৱাই কেৰ স্বেচ্ছাসেৱীকা নয়না ৰাজকুমাৰী, যুৱ সমাজকৰ্মী জিয়াবুৰ ৰহমান প্ৰমুখ্যে ভালেকেইগৰাকী ব্যাক্তিয়ে অংশগ্ৰহণ কৰে।