05
Sep
2017

নগাঁও টাউনঃ আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় শিক্ষক দিৱস পালন কৰা হয়। এই শিক্ষক দিৱস অনুষ্ঠানত সভাপতিত্ব কৰে নগাঁও জিলাৰ উপায়ুক্ত চমচেৰ সিঙে।
এই অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নৰেন কলিতা আৰু নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ সহজানন্দ ওজা।
এই অনুষ্ঠানত দুয়োগৰাকী ব্যক্তিয়ে তেওঁলোকৰ ভাষনত সৰ্বপল্লী ৰাধাকৃষ্ণণক স্মৰণ কৰে আৰু সমাজত শিক্ষকৰ ভুমিকাৰ বিষয়ে বক্তব্য ৰাখে।
অন্যহাতে আজিৰ এই শিক্ষক দিৱস অনুষ্ঠানত ৩৭ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই অনুষ্ঠানত নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত লাচিত দাস, বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ লগতে বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক-শিক্ষয়িত্ৰী সকল উপস্থিত থাকে।