
তিনিচুকীয়াঃ সমগ্ৰ দেশৰ লগতে আজি তিনিচুকীয়া জিলাতো জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰাংগণত বৰ্ণিল ৰুপত ৫৬ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়৷
অসম প্ৰাথমিক শিক্ষা বিভাগৰ প্ৰাক্তন তথা অৱসৰ প্ৰাপ্ত সঞ্চালক ধনদেৱ মহন্তৰ পৌৰাহিত্যত অনুষ্ঠিত কাৰ্যসূচীত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ২৫ শিক্ষকক কৃতি শিক্ষক বটাঁৰে সন্মানীত কৰা হয়৷ দিনজোৰা কাৰ্যসূচীৰে ৰূপায়ন কৰা অনুষ্ঠানত মূখ্য অতিথি ৰূপে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁই উপস্থিত থাকে৷
অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ মানৱ দৰদী শল্য চিকিৎসক ডা০ সৰ্বেশ্বৰ ভূঞাক তিনিচুকীয়া জিলা শিক্ষক সমাজৰ তৰফৰ পৰা তেখেতৰ কৰ্মৰাজিৰ বাবে "গুৰু মহীয়ান" উপাধিৰে বিভূষিত কৰা হয়৷