
নলবাৰীঃ নলবাৰীৰ জিলাৰ দক্ষিণ প্ৰান্তৰ কৃতী শিক্ষক, পুৰোহিত বিশ্ব নাথ শৰ্মাৰ আকস্মিক মৃত্যুত শোকৰ ছাঁ পৰে৷ মদন মোহন সখোৱা গাঁও নিবাসী ৫২ বছৰীয়া বিশ্ব নাথ শৰ্মা বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ বৃহস্পতিবাৰে নিশা চিকিসাধীন অৱস্থাত গুৱাহাটীৰ নাৰায়ণা হস্পতালত অকাল মৃত্যুক আকোৱালি লয়। কৃতী শিক্ষকগৰাকীয়ে তিলানা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰি বৰ্তমান চান্দুকুছি পাব্লিক হাইস্কুলত বিষয় শিক্ষক হিচাপে কাম কৰি আছিল৷
অল্পভাষী, অমায়িক সকলোৰে আপোন শিক্ষকগৰাকীৰ মৃতদেহ নিজ গৃহ আহি পোৱাৰ পিছত শোকাকুল পৰিবেশৰ সৃষ্টি হয়। শিক্ষকতা কৰা চান্দুকুছি পাব্লিক হাইস্কুললৈ নিয়া হয় তেওঁৰ মৃতদেহ। বিদ্যালয়ৰ প্ৰধান শিক্ষক ত্ৰৈলোক্য ডেকা, সহকাৰী প্ৰধান শিক্ষক কুলেশ মল্ল বুজৰবৰুৱা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কুমুদ মল্ল বুজৰবৰুৱা, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক শৰ্মাৰ নশ্বৰদেহত পুষ্প প্ৰদান কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে।
তেওঁৰ মৃত্যুত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, বাঁহজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত দাস, সাধাৰণ সম্পাদক অলকেশ ডেকা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বাঁহজনী আঞ্চলিক সমিতিৰ সভাপতি আবুল হুছেইন, সাধাৰণ সম্পাদক হিৰণ্য ভট্টাচাৰ্য, দক্ষিণ নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতি কামিনী কান্ত মিশ্ৰ, সম্পাদক শংকৰ শৰ্মা, বাঁহজনী জিলা পৰিষদৰ সদস্যা চপলা ৰাজবংশী মেধি সহ বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰি পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত শিক্ষক জনে পত্নী, দুই পুত্ৰক ইহসংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে।