
মৰিয়নি/গুৱাহাটীঃ এজন যুৱ শিক্ষকে আত্মহত্যা কৰাৰ পূৰ্বে ফেচবুকত লিখি থৈ যোৱা এখন চিঠিয়ে তোলপাৰ লগাইছে ৰাজ্যত৷ যোৰহাট জিলা ৰিবুল মালি নামৰ যুৱ শিক্ষকজনে ২০১২ চনৰ পৰা ধুবুৰীৰ এটি অতি পিছপৰা চৰ অঞ্চলত অনিয়মীয়া শিক্ষক হিচাবে কাম কৰি আছিল।
পত্নী আৰু এটি কণমানি পুত্ৰৰ সৈতে ধুবুৰীত বাস কৰা থকাৰ সময়ত তেওঁক একাংশ লোকে ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপন কৰে। তেওৰ পত্নীৰ অশ্লীল ভিডিঅ’ ৰেকৰ্ডিং কৰি ব্লেকমেইলিং কৰাৰ ফলত ভাগি পৰি অৱশেষত ৰেলৰ আগত পৰি আত্মহত্যা কৰে যুৱ শিক্ষকেজনে৷
জানিব পৰা মতে, শিক্ষক ৰিবুল মালিৰ পত্নীয়ে ধুবুৰীৰ এগৰাকী যুৱকৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল৷ ইমানে নহয় শিক্ষক ৰিবুল আৰু কণ মানি সন্তানটোকো এৰে পত্নীয়ে৷ সোমবাৰে তেওঁৰ সন্তান, পত্নী আৰু শিক্ষামন্ত্ৰীক উদ্দেশ্যি এখন ফেচবুকত চিঠি লিখাৰ প্ৰায় ১০ মিনিট পিছতেই যোৰহাটৰ মৰিয়নি ৰেলষ্টেছনৰ সমীপত আত্মহত্যা কৰে শিক্ষকজনে৷ তেওঁ ফেচবুকত লিখা চিঠিখনত ধুবুৰীৰ সেই অঞ্চলটোৰ পৰিৱেশ ভাল নোহোৱাৰ লগতে এটি বিশেষ সম্প্ৰদায়ৰ কথা উল্লেখ কৰে৷
য’ত শিক্ষক, নাৰী আৰু শিক্ষকৰ পৰিয়ালৰ কোনো নিৰাপত্তা নাই বুলি কয়৷ তাৰ মানুহৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি তাত কোনো পৰিৱেশ নাই বুলি কয়৷ একাংশ লোকে ভোকাতুৰ শগুণৰ দৰে খাপ পিটি ৰৈ থাকে বুলিও উল্লেখ কৰে শিক্ষক ৰিবুলে৷
শিক্ষা মন্ত্ৰীক উদ্দেশ্যি ফেচবুকত কি কৈছিল ৰিবুলে...
⇒‘‘মাননীয়, শিক্ষা মন্ত্ৰী মহোদয়, নমস্কাৰ গ্ৰহণ কৰিব। আমি সকলোৱে জানো আপুনি এগৰাকী নিষ্ঠাবান সমাজকৰ্মী তথা সুদক্ষ ৰাজনৈতিক নেতা। আপোনাৰ কৃপাতে আজি হাজাৰ হাজাৰ নিবনুৱাই সংস্থাপন লাভ কৰিছে। তাৰে মাজৰে ময়ো এজন। ২০১২ বৰ্ষতে যোৰহাটৰ পৰা আহি ধুবুৰীৰ অতি পিছপৰা চৰ অঞ্চলত অনিয়মীয়া শিক্ষক হিচাবে নিযুক্তি লাভ কৰিছিলো আৰু অতি নিষ্ঠাৰে ১৬৮গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ কৰ্তব্য পালন কৰি আছো।
আপোনাক মই হিয়া উজাৰি ধন্যবাদ জনাব বিচাৰো, মোৰ দৰে হাজাৰ হাজাৰ যুৱকক এটা কৰ্ম সংস্থাপন দি একোটা নিঠৰুৱা পৰিয়ালক সকাহ দিয়াৰ বাবে। ছাৰ, আমি আহিছিলো এখন সমাজ গঢ়াৰ বাবে৷ আহিয়ে আপোনাৰ কথা সাৰোগত কৰি কৰ্তব্যত বৰ্তী হৈছিলো মনে প্ৰাণে৷ বোকা পানী নেওচি আগবাঢ়িছিলো এখন সমাজ গঢ়াৰ বাবে৷ কিন্তু এই খন সমাজে আমাক কি দিলে, যি সমাজত শিক্ষকৰ নিৰাপত্তা নাই৷ যি সমাজত শিক্ষকৰ পৰিয়ালৰ নিৰাপত্তা নাই৷
যি সমাজত নাৰীৰ কোনো নিৰাপত্তা নাই৷ নিৰ্লজ্জ সবে কেৱল ভোকাতুৰ শগুণৰ দৰে খাপ পাতি থাকে৷ ধিক এইখন সমাজ৷ ছাৰ, খুব দুখেৰে কৈছো, শিক্ষক সমাজক এখন সুস্থ পৰিৱেশত সুস্থ মানসিকতাৰে কাম কৰিবলৈ দিয়ক৷ আপুনি হয়তো কব পাৰে, পৰিবেশ আমি নিজেই সৃষ্টি কৰি লব লাগিব।
হয় ছাৰ, মোৰ বিদ্যালয়ৰ পৰিবেশতো মই ভাল কৰিবলৈ খুবেই চেষ্টা কৰো আৰু বুকুত হাত দি কৈছো ছাৰ মোৰ বিদ্যালয়ৰ পৰিৱেশ বহুত ভাল৷ আমাৰ বিদ্যালয় খনে এইবাৰ এ-গ্ৰেড পাইছে৷ বহুত সুখী আছিলো বিদ্যালয়খনত শিক্ষকতা কৰি৷ কিন্তু মই পৰিয়াল লৈ যত আছিলো সেই ঠাইখিনি অত্যন্ত জঘন্য ঠাই৷ তাত আপোনাৰ প্ৰশাসনে একো কৰিব পৰা নাই৷
তাত এটা ডাঙৰ লবি আছে এক বিশেষ সম্প্ৰদায় মানুহৰ৷ সিহঁতৰ এই কৰ্মই হয়টো আৰু বহু অসমীয়া জীয়ৰী-বোৱাৰীৰ প্ৰাণ লব৷ বহু সংসাৰ ধংস হ’ব৷ গতিকে ছাৰ, শেষত আপোনালৈ মোৰ এটাই বিনম্ৰ অনুৰোধ কৰিছো৷ ফটোখনত দিয়া দিয়া ল'ৰাটো মোৰ। মোৰ অবিহনে তাৰ কোনো নাই।গতিকে আপুনিয়ে তাৰ জীৱনৰ দিশ নিৰ্ণায়ক হওক৷ সি যাতে মানুহ হ’ব পাৰে।
পত্নীক উদ্দেশ্যি ফেচবুকত কি কৈছিল ৰিবুলে...
⇒‘‘সপোন সকলোৱে দেখে৷ কিন্তু সকলো সপোন যে দিঠকত পৰিনত নহয়, ময়ো জানো৷ তথাপি মই সপোন দেখিছিলো৷ তোমাক লৈ বহুত আশা কৰিছিলো৷ এটা ঘৰ সাজিম, ধুনীয়া ঘৰ৷ কিন্তু সপোনৰ এই বালি ঘৰ আজি ভাগি থান বান কৰিলা তুমি৷ ফুলকুমলীয়া ল'ৰাটোৰ কথা ভাবিও যদি তুমি এবাৰ ক'লা হয়, তুমি মৰিব নালাগে৷ তেতিয়া হয়তো মই জীয়াই থাকিলো হয়৷
কিন্তু তুমি মোক সেইকনো সহায় নকৰিলা৷ তাৰ বিপৰীতে চ্লিপিং টেবলেট খুৱাই মোক তুমি কেইবাদিনো বুঢ়ীজনীৰ ৰুমত গৈছা৷ সেই মুছলিম কেইটাৰ লগত বেয়া কাম কৰিলা৷ সিহঁতে তোমাৰ ভিডিঅ’ বনাই মোক ব্লেকমেইল কৰিলে৷ প্ৰাণে মৰাৰ ভাবুকি দিলে। এইকেইটা পইচা যদি মই সিহঁতকে দিওঁ। আমি ঘৰ সংসাৰ চলাম কেনেকৈ? নয়না, এতিয়াও বহুত সময় আছে তুমি অলপ হলেও ল'ৰাটোৰ কথা চিন্তা কৰা৷
তোমাক মই কিমান বাৰ ক্ষমা কৰিলো হিচাপ আছেনে? আৰু নোৱাৰিলো এতিয়া৷ তোমাৰ পৰা আতৰি আহিলো, তুমি সুখী এতিয়া৷ নয়না, তুমি মোক ভুল নুবজিবা৷ এইখিনি কথা যিহেতু তোমাৰ ঘৰৰ মানুহকো মই কেইবাবাৰো কৈছো কিন্ত কোনেও মোৰ কথা বিশ্বাস নকৰিলে। আৰু আজি সকলো মানুহৰ কথাবোৰ শুনি মই বাকৰুদ্ধ৷ গতিকে কোনোবাই মোৰ কথাখিনি যাতে বুজি পাই তোমাক অলপ বুজনি দিয়ে তাৰ বাবেহে ফেচবুকত দিলো।
আমাৰ সমাজৰ নিয়মেই এইটো৷ পুৰুষৰ কথাবোৰ কোনেও মানি নলয়..যাৰ বাবে মদ ভাং খাই...মোৰ লগতে মোৰ ঘৰখনকো ধংস কৰিলে৷ যি কি নহওক সিহঁতে সিহঁতৰ কাম কৰিছে৷ কিন্তু মোৰ ঘৰৰ ওচৰৰ মানুহখিনিক মই এটাই প্ৰশ্ন কৰিব বিছাৰিচো৷ "আপোনালোকৰ সমাজৰ প্ৰতি নৈতিক দায়ত্ব একেবাৰে শূন্য৷ আপোনালোকে মানুহৰ ৰং চাই খুব ভাল পাই৷ নয়না, শেষত মই এটা কথাই কওঁ, মানুহ হিচাপে জীয়াই থাকিবলৈ চেষ্টা কৰা৷’’
শিক্ষকজনে নিজৰ মোবাইল নম্বৰ ৰাজহুৱা কৰি ৰাইজক আৰু তেওঁৰ সন্তানটোক সহায় কৰাৰ আহ্বানো জনায়৷ ইতিমধ্যে এই ঘটনাৰ উচিত তদন্ত কৰাৰ লগতে দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী জনাই দল সংগঠনে৷