যোৰহাটঃ জাতি-মাটি-ভেটিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰে অসমৰ লাখ লাখ নিৱনুৱাক বঞ্চিত কৰি অসমৰ বিভিন্ন প্ৰান্তত নিযুক্তি দিছে বহিৰাগত শিক্ষকক। 

আৰ এছ এছ আৰু বিজেপিৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ৰাজ্যৰ বিভিন্ন স্থানত এনে কুচকাৱাজ আৰম্ভ হোৱাৰ সময়তে আজি যোৰহাটৰ দিচৈ নগৰ মধ্য ইংৰাজী বিদ্যালয়ত এজন বহিঃৰাজ্যৰ শিক্ষকে যোগদান কৰিবলৈ আহে।

হিন্দী বিষয়ৰ শিক্ষক হিচাবে যোগদান কৰিবলৈ অহা এজন এলাহাবাদৰ লোকজনক আছু আৰু যুৱ-ছাত্ৰকে ধৰি বিভিন্ন দল-সংগঠনে বিদ্যালয়খনত যোগদান কৰিবলৈ নিদি খেদি পঠিয়ায়।

উত্তৰ যোৰহাটৰ বাহনাৰ দত্ত উপাধিৰ এজন বিজেপি পালিনেতাৰ পৃষ্ঠপোষকতাত ইব্ৰাৰ খান নামৰ লোক জনক বিদ্যালয়খনত যোগদান কৰাৰ ক্ষেত্রত স্থানীয় এজন বিজেপি তথা আৰএছএছৰ নেতাই আগভাগ লোৱাৰ অভিযোগ উত্থাপিত হৈছে।

পিছত সেই পালিনেতাজনেই খানক জিলা ভাৰপ্ৰাপ্ত প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ আনে। অানহাতে কাৰ্যালয়টোত আছু, যুৱ-ছাত্ৰ পৰিষদৰ সদস্য উপস্থিত হৈ ভাৰপ্ৰাপ্ত প্ৰাথমিক শিক্ষা বিষয়াগৰাকীক বহিৰাগত লোকজনক যোগদান কৰিবলৈ নিদিবলৈ দাবী জনায়।

পিছত এই বিষয় লৈ কাৰ্যালয়টোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত যোৰহাট আৰক্ষী উপস্থিত হৈ লোকজনক থানালৈ লৈ যায়। উল্লেখ্য যে, যি সময়ত অসমৰ নিবনুৱা যুৱক-যুৱতীৰ মাজত টেট অনুষ্ঠিত কৰি শিক্ষক হিচাবে নিযুক্তি দিছে ঠিক সেই সময়তেই অসমত বহিৰাগতক নিযুক্তি দিয়াৰ স্বাৰ্থত টেট নপতাকৈয়ে এনে বহিৰাগত লোকক শিক্ষক হিচাবে নিযুক্তি দিছে।

অসমৰ লাখ লাখ নিবনুৱাক বঞ্চিত কৰি এনেদৰে বহিৰাগতক যোৰহাটত শিক্ষক হিচাবে নিযুক্তি দিয়া কাৰ্যক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।