18
Sep
2017

মোৰাঝাৰঃ হোজাইৰ আগশাৰীৰ বিদ্যালয় মৰ্কজ একাডেমীৰ অধ্যক্ষ অলিউৰ ৰহমান চৌধুৰীয়ে স্বেচ্ছাই পদত্যাগ কৰাত তেওঁক স্কুল কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায়৷ টেট উত্তীৰ্ণ শিক্ষকজনে শেহতীয়াকৈ অসম চৰকাৰৰ চাকৰি লাভ কৰাত নিজৰ দহ বছৰৰ কৰ্মস্থলী মৰ্কজ একাডেমী এৰি থৈ যায়৷
স্কুলখনৰ পৰিচালনা সংস্থা মৰ্কজুল মা'আৰিফৰ সভাপতি শামছুল হক চৌধুৰী আৰু সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰৰ উপস্থিতিত এক আৱেগিক পৰিৱেশত শিক্ষকজনক জাপি, মানপত্ৰ আৰু কাপোৰেৰে বিদায় সম্ভাষণ জনোৱা হয়৷