কোকৰাঝাৰঃ বিটিচি অঞ্চলৰ অপ্ৰাদেশিকৃত নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয় সমুহৰ প্ৰাদেশীকৰণ আৰু কৰ্মৰত শিক্ষক-কৰ্মচাৰীসকলৰ পদ প্ৰাদেশীকৰণৰ দাবীত সদৌ বিটিচি ভেন্সাৰ প্ৰাথমিক শিক্ষক সন্থাই আজি কোকৰাঝাৰত পাঁচঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

কোকৰাঝাৰৰ শিশু উদ্যানৰ নিকটত আজি অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীত শতাধিক শিক্ষকে ধৰ্ণাত অংশগ্ৰহন কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ মুখৰিত কৰি তোলে।

উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত অনুমোদিত, স্বীকৃতিপ্ৰাপ্ত আৰু ডাইচ কোড নম্বৰ প্ৰাপ্ত শিক্ষা প্ৰতিষ্ঠানক বিনাচৰ্তে প্ৰাদশীকৰণ কৰা, নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত ডাইচ কোড নম্বৰ প্ৰাপ্ত, ভূমি সংক্ৰান্ত তথ্য পাতি থকা আৰু পৰিদৰ্শকৰ টোকাৰ ভিত্তিত প্ৰাদেশীকৰণ কৰা, ২০১৫ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত নিযুক্তিপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশীকৰণ কৰা  আৰু অপ্ৰাদেশীকৃত বিদ্যালয়ত কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা আৰু অৱসৰ গ্ৰহণ কৰা শিক্ষক-কৰ্মচাৰীক এককালিন বিত্তীয় সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰিছে।

ধৰ্ণা কাৰ্যসূচীৰ অন্তত সন্থাৰ সম্পাদক ৰতন চন্দ্ৰ বৰ্মন সংবাদমাধ্যমৰ আগত সন্থাৰ দাবী সমুহ চৰকাৰে মানি নললে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দি চৰকাৰে তেওঁলোকক ভাতে মৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি মন্তব্য কৰিছে। তদুপৰি আজি বিটিচি বিধানপৰিষদত উত্থাপিত হোৱা নতুন শিক্ষা নীতি বিধেয়কৰ প্ৰস্তাৱকো গৰিহণা দিছে।