গোৰেশ্বৰঃ গুণোৎসৱ পাতি বিদ্যালয়ৰ গুণগত মানৰ বিকাশ সাধনৰ বাবে শিক্ষাবিভাগে প্ৰস্তুতি চলোৱাৰ সময়তে জ্ঞানৰ পোহৰ বিলোৱা শিক্ষকৰ অমানৱীয় কৰ্মই উদ্বিগ্ন কৰি তুলিছে গোৰেশ্বৰৰ সচেতন মহলক। ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশত বাধাৰ সৃষ্টি কৰা যিকোনোধৰণৰ শাৰিৰীক শাস্তি, অৱহেলা, উপহাস আদি আঁতৰোৱাৰ ক্ষেত্ৰত শিক্ষকৰ অৱদান গুৰুত্বপুৰ্ণ যদিও বাগসা জিলাৰ গোৰেশ্বৰ অঞ্চলৰ কাণফুটাপাৰ চুবুৰীৰ উত্তৰ চিল্কীঝাৰ গৌতম প্ৰাথমিক বিদ্যালয় এজন ছাত্ৰক প্ৰহাৰ কৰি তাৰ সম্পুৰ্ণ বিপৰীত ছবি দাঙি ধৰিছে এজন বিতৰ্কিত শিক্ষকে।

অভিযোগ মতে আজি বিদ্যালয়খনৰ প্ৰধান শিক্ষক বীৰেণ ৰাজবংশীয়ে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ জগত ৰাজবংশীক বেতেৰে নিৰ্মমভাৱে প্ৰহাৰ কৰে। ইয়াৰ ফলত ছাত্ৰজনে পিঠি আৰু ভৰিত গুৰুতৰভাৱে আঘাত পায়। প্ৰহাৰৰ চিন ছাত্ৰ জনে পিঠি আৰু ভৰিত স্পষ্ট হৈ পৰে। ছাত্ৰজনে অন্য ছাত্ৰৰ লগত কাজিয়াত লিপ্ত হোৱাৰ অপৰাধত প্ৰধান শিক্ষকজনে বেতেৰে প্ৰহাৰ কৰে বুলি প্ৰহৃত ছাত্ৰজনে প্ৰকাশ কৰে।

যি সময়ত প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক মৰমেৰে পাঠদান কৰা শিক্ষাব্যৱস্থাৰ পোষকতা কৰা হৈছে তেনে সময়ত এজন প্ৰধান শিক্ষকে এনেদৰে ছাত্ৰক প্ৰহাৰ কৰা ঘটনাত জাঙুৰ খাই উঠিছে সচেতন মহল। অৱশ্যে ছাত্ৰক প্ৰহাৰৰ  অভিযোগ শিক্ষকজনৰ বিৰুদ্ধে এয়াই প্ৰথম নহয়।

ইয়াৰ পূৰ্বেও বহুবাৰ বিভিন্ন অজুহাতত ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰি শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ শিক্ষকজনৰ বিৰুদ্ধে আছে। আজি অতিষ্ঠ হৈ তেওঁৰ বিৰুদ্ধে ৰাইজ ওলাই আহে। স্থানীয় ৰাইজে প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে উত্থাপন কৰিছে আন কেতবোৰ অভিযোগ। বিদ্যালয় গৃহ নিৰ্মাণৰ হিচাপত খেলিমেলি, মদ্যপান কৰা আদি বহু অভিযোগ আছে প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে। চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহৰ এনে দশাৰ পিছত শিক্ষাবিভাগে পাতিবলগা গুণোৎসৱ অৰ্থহীন বুলি মন্তব্য কৰিছে ৰাইজে।