newsnextone.com।মৰিয়নীঃ পবিত্ৰ শিক্ষক দিৱসৰ দিনা মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নী ছিৰাক্ষাতি নদীত বান্ধ নিৰ্মাণ কৰে৷ আজি পুৱাৰ ভাগত মৰিয়নী বিধায়ক কুৰ্মীয়ে নিউসোনোৱাল ডাইনী গাওঁৰ ৰাইজৰ লগত একে লগে সহযোগ কৰি নগাপাহাৰৰ পৰা নামি অহা এখন সৰু নদীত শ্ৰম দান কৰি মাঠাউৰি নিৰ্মাণ কৰে৷

ক্ৰমাৎ গৰাখহনীয়া বৃদ্ধি পোৱাত সেই নদী খনৰ কাষৰীয়া অঞ্চলৰ ৰাইজৰ খেতি-মাটি নদীৰ বুকুত যাহ যাবলৈ ধৰিছে৷ সেই বিষয়ে ৰাইজে বিভাগীয় বিষয়াক কেইবাবাৰো অবগত কৰিও কোনো সঁহাৰি নোপোৱাত আজি ৰাইজে বিধায়কৰ সহায়ত হাতে কামে লাগে৷ পুৱাৰ আহাৰ হিচাপে বিধায়কে হাঁহ মাৰি ৰাইজৰ লগত একে লগে আহাৰ গ্ৰহণ কৰে৷

আজি শ্ৰমদান কাৰ্যৰ মাজতে বিধায়ক কুৰ্মীয়ে কেইবাটাও উল্লেখনীয় কথা সাংবাদিকৰ কেমেৰা আগত প্ৰকাশ কৰে৷ তাৰ ভিতৰত উল্লেখযোগ্য হল বিধায়ক কুমী এইবাৰ নিজকে শিক্ষক বুলি পৰিচয় দিয়া৷ আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনা এজন বিৰোধী বিধায়কে নিজকে চৰকাৰ আৰু চৰকাৰী বিভাগৰ শিক্ষক বুলি পৰিচয় দাঙি ধৰি চৰকাৰখনক কঠোৰ সমালোচনা কৰে৷

লগতে একেটা অনুষ্ঠানতে তেওঁ উল্লেখ কৰে মৰিয়নীত বন বিভাগৰ অনুমতি সাপক্ষে গোপন বুজা বুজি কৰি একাংশ দালালে নদীৰ বালি টেণ্ডাৰ বিহীন ভাৱে চোৰাংকৈ ব্যৱসায় চলাই আহিছে৷ এই চোৰাং ব্যৱসায়ত একাংশ প্ৰভাৱশালী লোক জড়িত বুলি জনিবলৈ দিয়ে৷ তেওঁ মতে সকলো কেৱল টকাৰ খেল৷ এই খেল খনত দালাল নহয় মহা দালাল জড়িত হৈ থকা বুলি জনিবলৈ দিয়ে৷