
গুৱাহাটীঃ অৱশেষত প্ৰতিবাদ কৰিবলৈ বাধ্য হল পাঞ্জাবাৰীৰ জনশিমলু হাই স্কুলৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীয়ে৷ বন বিভাগে আমচাং অভয়াৰণ্যৰ উচ্ছেদ অভিযান চলোৱাৰ নামত ছাত্ৰ-ছাত্ৰীৰ সপোনাৰ-আদৰৰ স্কুল খন ভাঙি পেলোৱাত যোৱা চাৰিদিন ধৰি শোকবিহ্বল হৈ পৰি বিভন্ন পক্ষক আহ্বান জনাই সহাৰি নাপায় অৱশেষত বৃহস্পতিবাৰে প্ৰতিবাদ কৰে বিদ্যালয় খনৰ ভগ্নাৱশেষৰ মাজত থিয় হৈ৷
চাৰিদিন পূৰ্বে ছাত্ৰ-ছাত্ৰীয়ে স্কুল খনত শিক্ষক ছাত্ৰ-ছাত্ৰীয়ে পাঠদান কৰি থকাৰ সময়তে বন বিভাগে এক্সেভেটৰ লগাই ভাঙি পেলায়৷ ছাত্ৰ-ছাত্ৰীক কিতাপ-পত্ৰ. ডেস্ক, বেঞ্চ উলিয়াবৰ বাবে সময় নিদিলে প্ৰশাসনে৷ কাতৰ আহ্বানক নেওচি প্ৰশাসনে বিদ্যালয় খন ভাঙি পেলায়৷ তাৰ পিছৰে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ সংবাদ মাধ্যমে এই খবৰক গুৰুত্ব প্ৰদান কৰে৷
পৰীক্ষাৰ পূৰ্বে এখন বিদ্যালয় ভাঙি পেলোৱা কাণ্ডত কোনেও সহজ ভাবে লোৱা নাই৷ বিভিন্ন পক্ষই ছাত্ৰ-ছাত্ৰীসকলৰ চকলো প্ৰত্যক্ষ কৰি সহায় কৰিবলৈও ওলাই আহে৷ তাৰ মাজতে শীঘ্ৰে স্কুল গৃহ নিৰ্মাণ কৰাৰ লগতে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সুবিধা কৰি দিয়াৰ দাবী জনাই প্ৰশাসনৰ বিৰুদ্ধে বৃহস্পতিবাৰে ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷
ছাত্ৰ-ছাত্ৰীৰে ভৰা প্ৰায় ২৫ বছৰ পুৰনি স্বীকৃতি প্ৰাপ্ত এখন দুখীয়া মানুহৰ ল'ৰা-ছোৱালীয়ে অধ্যায়ন কৰা মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয় নিজ ৰাজ্যৰেই চৰকাৰে এক্সেভেটৰ হাতী আৰু পুলিচ বাহিনী প্ৰয়োগ কৰি অতি বৰ্বৰতাৰে ধংস কৰে। নিজ দেশৰেই চৰকাৰে নিজ দেশৰেই শিক্ষানুষ্ঠান ধংস কৰা এনেকুৱা ঘটনা হয়তো সমগ্ৰ পৃথিৱীতেই বিৰল। বিশ্বৰ ইতিহাসত অসমৰ দৰে পিচপৰা ৰাজ্য এখনক এনেকুৱা ঘটনা চৰ্চালৈ অনাৰ ফলত জাতি মাটি আৰু ভেটিৰ চৰকাৰখনৰ লগতে সোনৰ অসম গঢ়িবলৈ ককাঁলত টঙালি বন্ধা লোকসকলৰ ভেটিত একপ্ৰকাৰ কপনি উঠে৷