newsnextone.com | শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰৰ বৰপুখুৰী পাৰত বৃহস্পতিবাৰে বহু শিক্ষকে আত্মজাহ দিবলৈ ওলাই অহাৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হছৰ হছৰ ধৰি বেতন বঞ্চিত শিক্ষকে আত্মজাহ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি বৃহস্পতিবাৰে ৰাজপথলৈ ওলাই আহে।

ৰাজ্যৰ ৯,২৩৬ শিক্ষকৰ শিৱসাগৰত আত্মজাহৰ হুংকাৰ পূৰ্বেই প্ৰদান কৰিছিল। ফলত পুৱাই পৰিয়ালসহ আত্মজাহৰ হুংকাৰ দি ২৪খন জিলাৰ বিভিন্ন প্ৰান্তৰ বেতন বঞ্চিত শিক্ষক বিভিন্ন ঠাইলৈ ওলাই অহাত এক অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হয় ৰাজ্যজুৰি। ১৯৯১ৰ পৰা ২০০১ চনৰ ভিতৰত নিযুক্তি পাইছিল এইসকল বেতন বঞ্চিত শিক্ষকে। নিযুক্তিৰ দিনৰে পৰা বেতনৰ পৰা বঞ্চিত হৈ আহিছে শিক্ষকসকল। 

 শিৱসাগৰৰ বৰপুখুৰীত বেতন বঞ্চিত শিক্ষকে আত্মজাহ দিবলৈ ওলাই অহাত সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতিৰ। প্ৰশাসনে বৰপুখুৰী পাৰ ছীল কৰাৰ লগতে কটকটীয়া নিৰাপত্তা দিয়ে যদিও আত্মজাহৰ দিয়াৰ বাবে ওলাই আহে শিক্ষকসকলে। বৰপুখুৰী পাৰত পুৱা ৫ বজাৰপৰা সকলো লোকৰ প্ৰৱেশ বন্ধ ৰখা হয়।

এনে পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশ্বাস প্ৰদানৰ প্রতিশ্রুতিৰে প্ৰদান কৰাতহে প্ৰতিবাদৰ অন্ত পৰে। জিলা আৰক্ষী অধীক্ষকক যোগাযোগ কৰি আলোচনাৰ প্ৰতিশ্ৰুতি দিয়াতহে আত্মজাহ দিয়াৰ সিদ্ধান্ত পৰিহাৰ কৰে শিক্ষকসকলে।

উল্লেখ্য যে, ১৯৯১ ৰপৰা ২০০১ চনলৈ অসমৰ সমূহ প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অভাৱ পূৰণৰ বাবে প্ৰায় ৯,২৩৬ জন যুৱক-যুৱতীক ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়ত নিযুক্তি প্ৰদান কৰিছিল৷

ৰাজ্যত একেৰাহে তিনিবাৰকৈ গাদী দখল কৰা পুৰ্বৰ কংগ্ৰেছ চৰকাৰে বিনাচৰ্তে শিক্ষকসকলৰ দা-দৰমহা নিয়মীয়া কৰাৰ ব্যৱস্থা কৰি দিছিল যদিও সেয়া আজিকোপতি এক নয়া পইচাও বেংকৰ একাউন্টত নোসোমাল৷

পৰিৱৰ্তন প্ৰতিশ্ৰুতিৰে নতুন দিল্লীৰ মচনদ দখল কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক শিক্ষকসকলে চাকৰিৰ নিয়মীয়াৰ লগতে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত বিষয়টো অৱগত কৰি চৰকাৰক বাৰে বাৰে পত্ৰ প্ৰেৰণ কৰিও জনাই আহিছে যদিও সুদুত্তৰ নোপোৱাত স্বাভাৱিকতে হতাশ আৰু ক্ষুদ্ধ হৈ পৰিছে শিক্ষকসকল৷

দুটা দশকৰো অধিক কাল বিনা বেতনেৰে শিক্ষকতা কৰাৰ উপৰিও বিভিন্ন পৰ্যায়ৰ শিক্ষক প্ৰশিক্ষণ লোৱা শিক্ষক সকলৰ মনোবেদনা শুনিবলৈ যেন কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰৰ আহৰি নোহোৱা হৈছে৷

একে সময়তে এই বেতন বঞ্চিত শিক্ষকসকলৰ সহকৰ্মীসকলে সপ্তম দৰমহা আয়োগৰ বকেয়া, দৰমহা হিচাপ-নিকাচ কৰি থকাৰ সময়ত বছৰ বছৰ ধৰি প্ৰাপ্য দৰমহাৰ পৰাও বঞ্চিত শিক্ষক সকলে কেনে মানসিক অৱস্থাত বিদ্যালয়ত পাঠদান কৰিব লগীয়া হয় সেয়া নিঃসন্দেহে লক্ষণীয়৷

সূদীৰ্ঘ জীৱনৰ প্ৰায় ২৬ বছৰ কাল শিক্ষকতাৰে অভিজ্ঞপুষ্ট এই সকল শিক্ষকৰ জীৱন-যৌৱনৰ সোণালী দিনবোৰ বিদ্যালয়ৰ কণ কণ ল'ৰা-ছোৱালীৰ ভৱিষ্যতৰ স্বাৰ্থত নামত উচৰ্গা কৰা এই সকল শিক্ষকৰ মাজৰে বহুতো শিক্ষক অৱসৰৰ দুৱাৰ দলিত৷

সেয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়কে নীতি স্পষ্ট কৰি চৰকাৰীভাৱে দৰমহাৰ ব্যৱস্থা হাতত ল’বলৈ বেতন বঞ্চিত শিক্ষকসকলে দুবছৰীয়া চৰকাৰখনক আহ্বান জনাইছে৷ অন্যথাই আত্মজাহৰ হুংকাৰ প্ৰদান কৰিছিল বেতনবঞ্চিত শিক্ষকসকলে। ফলত সমগ্ৰ অসমৰ বিভিন্ন ঠাই আত্মজাহ দিবলৈ বৃহস্পতিবাৰে হুংকাৰ প্ৰদান কৰি ৰাজপথলৈ ওলাই আহে শিক্ষকসকলে।