
নামতিঃ ৰাজ্যত চৰকাৰীভাৱে পুনৰ শিক্ষকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। ১৫-২০ বছৰ চাকৰি কৰা শিক্ষকক পুনৰ পৰীক্ষা দি ভাল নম্বৰ লৈ উত্তীৰ্ণ হোৱাৰ লগতে বিভিন্ন ডিগ্ৰী ল’বলৈ চৰকাৰে নিৰ্দেশ দি আহিছে৷ ইয়াৰ মাজতে বন্ধৰ দিনটোতো একাংশ শিক্ষকে বিদ্যালয়ত উপস্থিত থাকি কাম কৰিবলগীয়াত পৰিছে।
সর্বশিক্ষা মিছন অথবা শিক্ষা বিভাগে নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়সমূহত বিগত কিছু দিনৰ পৰা দেওবাৰ অথবা আন বন্ধৰ দিনত শৈক্ষিক বিষয়ক বিভিন্ন কার্যসূচী ৰূপায়ণ কৰিবলৈ নির্দেশ দিয়াৰ পাছতে শিক্ষকসকলে এই দায়িত্ব পালন কৰিবলৈ বাধ্য হৈছে। দেওবাৰৰ দিনটোত তেনে কার্যসূচী ৰূপায়ণ কৰিবলৈ গৈ বিশেষভাৱে ক্ষতিগ্রস্ত হৈছে ডিপ্লমা পাঠ্যক্রমৰ প্রশিক্ষণ লৈ থকা শিক্ষকসকল।
একেখিনি শিক্ষকক চৰকাৰে ডিপ্লমা পাঠ্যক্রমৰ প্রশিক্ষণো দিছে। আনহাতে বন্ধৰ দিনটোত বিদ্যালয়ত উপস্থিত থাকি কামো কৰিবলৈ দিছে৷ উল্লেখ্য যে, ডিপ্লমা পাঠ্যক্রমৰ প্রশিক্ষণৰ পাঠদান দেওবাৰে অনুষ্ঠিত হয়৷ দেওবাৰে শিক্ষকসকলে ডি এল এড ক্লাছ কৰিব নে বিদ্যালয়ত উপস্থিত থাকিব তাকে লৈ বিপাঙত পৰিছে শিক্ষকসকল।
এক বিবৃতি যোগে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ শিৱসাগৰ মহাবিদ্যালয় কেন্দ্র ডি এল এড লাৰ্নাৰ্ছ সমিতিৰ সভাপতি বিমল বিভূতি গগৈ আৰু সম্পাদক নৰেণ শইকীয়াই জনাইছে যে, প্রাথমিক শিক্ষাৰ ডিপ্লমা পাঠ্যক্রম প্রতিটো দেওবাৰে অনুষ্ঠিত হয়। গতিকে সেই দিনটোত নিজ বিদ্যালয়ত চৰকাৰী কার্যসূচী ৰূপায়ণ কৰিব লগা হোৱা বাবে প্রশিক্ষণত উপস্থিত থাকিব নোৱাৰে শিক্ষকসকল।
বছৰটোত মাত্র ৫২ দিনত প্রশিক্ষণ গ্রহণ কৰি ৯টা বিষয়ৰ পাঠ্যক্রম সম্পন্ন কৰিবলগীয়া হোৱা প্রশিক্ষাৰ্থীসকলক দেওবাৰৰ দিনটোত বিদ্যালয়ত আবদ্ধ কৰি ৰখাটো অত্যন্ত পৰিতাপৰ কথা বুলিও সমিতিয়ে সদৰী কৰিছে। ইফালে, চৰকাৰে ডি. এল. এড পাঠ্যক্রমত অনুত্তীর্ণ শিক্ষক-শিক্ষয়িত্রীয়ে শিক্ষকৰ চাকৰি ত্যাগ কৰিব লাগিব বুলি সকিয়নী প্রদান কৰিছে। সেয়ে অনাগত দিনত দেওবাৰৰ দিনটোত বিদ্যালয়ত কার্যসূচী পালন কৰিবলৈ নির্দেশ নিদিবৰ বাবে বিবৃতিযোগে চৰকাৰক অনুৰোধ জনাইছে সমিতিয়ে।