শিমলুগুৰিঃ কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে যোৱা তিনি আগষ্টত ৰাজ্যৰ শিক্ষক-শিক্ষয়িত্ৰীত ডিইএলইডি ডিগ্ৰী কৰিবলৈ নিৰ্দেশ জাৰি কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাই৷ চৰকাৰৰ নিৰ্দেশ মতে প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰীয়ে ২০১৯ চনৰ ৩১ মাৰ্চৰ ভিতৰত ডিইএলইডি ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ কয়৷

সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দুবছৰীয়া ডিইএলইডি পাঠ্যক্ৰম ২০১৯ চনৰ ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ হলে ২০১৭ চনৰ ৩১ মাৰ্চৰ পূৰ্বে ডিইএলইডি পাঠ্যক্ৰমত নাম ভৰ্তি হব লাগিছিল যদিও ইতিমধ্যে পাঁচ মাহ অতিক্ৰম কৰিছে বুলি কয়।

শিক্ষক-শিক্ষয়িত্ৰীসকলে কেনেকৈ ২০১৯ চনৰ ৩১ মাৰ্চত ডিইএলইডি সম্পূৰ্ণ কৰিব বুলি প্ৰশ্ন কৰি ডিপিইপিৰ দিনৰে পৰা বহু জ্যেষ্ঠ শিক্ষকে বুনিয়াদী প্ৰশিক্ষণ সমাপ্ত কৰি একো একোজন দক্ষ শিক্ষক, প্ৰশিক্ষক হিচাপে কাম কৰি আছে বুলি সন্থাই চৰকাৰক উভতি ধৰে৷ একেৰাহে ১০ বছৰ শিক্ষকতা সম্পূৰ্ণ কৰিলে সেইজন শিক্ষকক পূৰ্ণ প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষক হিচাপে ধৰা যায়৷

তেনেস্থলত পঞ্চাচৰো উৰ্দ্ধৰ শিক্ষক-শিক্ষয়িত্ৰীকো দুবছৰীয়া ডিইএলইডি কৰিবলৈ নিৰ্দেশনা দিয়াটো দুৰ্ভাগ্যজনকেই নহয় অযুক্তিকৰো বুলি ক্ষোভ ব্যক্ত কৰে শিক্ষক সংগঠনটোৱে। কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৫০ শতাংশ কম নম্বৰ পাই উত্তীৰ্ণ হৈছিল সেইসকলৰ পুনৰ উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰি নূন্যতম ৫০ শতাংশ নম্বৰ লবলৈ মাৰ্কচিট সহ উত্তীৰ্ণৰ প্ৰমাণ-পত্ৰ বিভাগীয় কৰ্তৃপক্ষক দাখিল কৰিবলৈ দিয়া নিৰ্দেশনা সম্পূৰ্ণ অসাংবিধানিক আখ্যা দিছে সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাই।

সন্থাৰ সভাপতি আৰু সম্পাদক ক্ৰমে আয়ুব আলী আহমেদ আৰু নিৰ্মল কুমাৰ গোৱালাই এক বিবৃতি যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষা বিভাগৰ এনে নিৰ্দেশনা কেৱল যুক্তিহীনেই নহয় সাহ্যকৰো বুলি ক্ষোভ জাহিৰ কৰে। যিহেতু বহু শিক্ষক-শিক্ষয়িত্ৰী বিজ্ঞান, কলা, বাণিজ্য আদি বিভিন্ন বিভাগত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ শিক্ষকতা কৰি আছে৷ সেইসকলৰ ভিতৰত বিজ্ঞান শাখাৰ উত্তীৰ্ণ সকলে কোনখন মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত নামভৰ্তি কৰিব তাক নিশ্চিত কৰিবলৈ শিক্ষা বিভাগক প্ৰত্যাহ্বান জনায়। শিক্ষাবিভাগৰ এনেধৰণৰ হঠকাৰী সিদ্ধান্তক সন্থাই তীব্ৰ প্ৰতিবাদ জনায় বিভাগীয় কৰ্তৃপক্ষক বিষয়টো পুনৰ বিবেচনা কৰিবলৈ কয়৷