09
Aug
2017

Tehelka
বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ বেজেৰাত অহা ১৩ আগষ্টত দিনৰ ২বজাত সদৌ অসম অপ্ৰাদেশীকৃত হস্তকলা শিক্ষক সন্থাৰ এখন সভা অনুষ্ঠিত হ’ব।
কামৰূপ জিলাৰ বেজেৰাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এখন সাধাৰণ সভাত সকলো অপ্ৰাদেশীকৃত হস্তকলা শিক্ষকক উপস্থিত থকাৰ বাবে আহ্বান জনাইছে সন্থাই।
সভাত অপ্ৰাদেশীকৃত হস্তকলা শিক্ষক সন্থাৰ বিভিন্ন সমস্যাৰাজি আৰু পদসমূহ নিয়মীয়াকৰণ সন্দৰ্ভত আলোচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে আহ্বায়ক মণ্ডলীয়ে।
হস্তকলা শিক্ষকসকলক ৯৮৫৪৯-৫৪৫৮৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আহ্বায়ক মণ্ডলীয়ে।