
বালিপৰাঃ শোণিতপুৰৰ বালিপৰাত আজি অনুষ্ঠিত হয় আজুৰ অন্তৰ্গত নৱগঠিত শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা। বালিপৰা প্ৰেছ ক্লাবৰ আতিথ্যত দিনৰ ১২:০০ বজাৰপৰা বালিপৰা পৰিদৰ্শন বঙলাত জিলা সাংবাদিক সন্থাৰ সভাপতি আনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাধাৰণ সম্পাদক পংকজ নাথে উদ্দেশ্য ব্যাখ্যা কৰে।
গুৰুত্বপূৰ্ণ সভাখনত সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথ, কেন্দ্ৰীয় সাধাৰণ সম্পাদক নকুল তালুকদাৰ, কেন্দ্ৰীয় উপ-সভাপতি ৰাজেশ দত্ত, জিলাৰ প্ৰাক্তন সম্পাদক ভূবন শইকীয়া প্ৰমুখ্য ভালেসংখ্যক বিশিষ্ট সাংবাদিকে আজুৰ সাংগঠনিক দিশ শক্তিশালীকৰণ, বৰ্তমানৰ প্ৰেক্ষাপটত সাংবাদিকৰ নিৰাপত্তাৰ প্ৰসংগ, মফচলীয়া সাংবাদিকসকলক মাঝিথিয়া আয়োগ অনুসৰি সুবিধা প্ৰদান কৰা, সমাজ জড়িতকৰণ ইত্যাদি বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে লগতে সকলোকে ঐক্যৱদ্ধভাৱে আগবাঢ়ি যোৱাৰ আহ্বান জনায়।
একেদৰে,সভাত সাংগঠনিক দিশৰ ওপৰত ক্ৰমে ভগৱান বৈশ্য, চাহিন আহমেদ, ফণীন্দ্ৰ বৰুৱা, গোলক বৰা, মিন্টু হেম্বৰম, অপূৰ্ব বৰাই আলোকপাত কৰে। গুৰুত্বপূৰ্ণ সভাখনত সন্থাৰ তৰফৰপৰা ক্ৰমে চলিত বৰ্ষৰ ২ ডিচেম্বৰত তেজপুৰ জিলা সাংবাদিক সন্থাৰ সহযোগত প্ৰয়াত বিশিষ্ট সাংবাদিক তথা নাট্যকাৰ দীপক মহন্ত সোঁৱৰণী বক্তৃতা অনুষ্ঠান, ২০১৮ বৰ্ষৰ ৩১জানুৱাৰীত নদুৱাৰ প্ৰেছ ক্লাবৰ সহযোগত আলোচনাচক্ৰ আৰু বালিপৰা প্ৰেছ ক্লাবৰ সহযোগত সাংবাদিক কৰ্মশালা, আৰু ২০১৮ বৰ্ষৰ ১২ মাৰ্চত ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ সহযোগত নিৰ্মল দাস সোঁৱৰণী বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা আদি তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
সভাত নৱগঠিত জিলা সমিতিখনে পুৰণা সমিতিৰপৰা দায়িত্বভাৰ গ্ৰহণ কৰে। আজুৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সভাখনতেই ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ সম্পাদক বিমলজ্যোতি নাাথৰ নেতৃত্বত অন্য সংগঠনৰপৰা সাংবাদিক ইন্দ্ৰজিৎ শৰ্মা, নিপন সন্দিকৈ, পৱিত্ৰ দাস, আৰু অমিত বনিকে আনুষ্ঠানিকভাৱে আজুত যোগদান কৰে।
একেদৰে ৰঙাপৰা প্ৰেছ ক্লাবৰ সদস্য জয় কিশোৰ ঝায়েও আজুত যোগদান কৰাত আটাইকে আজুৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথে ফুলাম গামোছাৰে আদৰণী জনায়। অনুষ্ঠানত বালিপৰা প্ৰেছ ক্লাবৰ সভাপতি মিলন দাস, সাধাৰণ সম্পাদিকা নিৰলা ডেকা, দ্বীপজ্যোতি শইকীয়াৰ লগতে ৰঙাপৰা, নদুৱাৰ, ঢেকীয়াজুলি, তেজপুৰ আদি প্ৰেছ ক্লাবৰ বিষয়ববীয়া, আজুৰ জিলা সমিতিৰ ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে ।