15
Oct
2018

www.newsnextone.com| তেজপুৰঃ তেজপুৰ সাহিত্য সভাৰ এক বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কালি বিয়লি শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ দাৰাক উল্লাৰ উপন্যাস "ৰিক্ত হৃদয়ৰ সিক্ত সপোন" আনুষ্ঠানিক ভাৱে উন্মোচন কৰে সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়ে।
তেজপুৰ সাহিত্য সভাৰ সভাপতি হেমন্ত কুমাৰ বৰুৱাৰ পৌৰহিত্যত সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে শোণিতপুৰ জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ অশোক কুমাৰ বৰা, লেখক দাৰাক উল্লাৰ সহপাঠী হিৰক জ্যোতি কলিতা, দৰং মহাবিদ্যালয়ৰ সাহিত্য আৰু আলোচনী বিভাগৰ সম্পাদক অংকুৰ জ্যোতি দাস আৰু লেখকৰ সহধৰ্মিনী অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ আচমা ৰহমান।
আনহাতে অনুষ্ঠানটি আৰম্ভ হয় তেজপুৰ সাহিত্য সভাৰ সদস্যাৰ আৰম্ভণি গীতেৰে।