
newsnextone.com | টীয়কঃ দেওবাৰে কেইবাটাও সংগঠনৰ উদ্যোগত যোৰহাট জিলাৰ টীয়কত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নাগৰিক সভা অনুষ্ঠিত হয়৷ টিয়কৰ টাউনত অনুষ্ঠিত সভাত কেইবাশতাধিক লোক উপস্থিত থাকে৷
কেইবাটাও সংগঠনৰ নেতৃত্বত অনুষ্ঠিত সভাত টীয়কৰ সাহিত্যিক, সমাজ সচেতন নাগৰিক, ছাত্ৰ-ছাত্ৰী, মহিলাই অংশ লয়৷ কেইবাগৰাকী নেতাই অংশ লৈ বিধেয়কৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰে৷
সভাত কৃষক নেতা অখিল গগৈ উপস্থিত থাকি সৰ্ব প্ৰকাৰৰ ৰাইজক অসম ধ্বংসকাৰী বিধেয়কৰ বিৰুদ্ধে সকলোকে থিয় দিবলৈ আহ্বান জনায়৷ অসমৰ ৰাইজে এই সময়ত একত্ৰিত হৈ ওলাই নাহিলে অসমৰ নতুন প্ৰজন্মৰ ওচৰত এদিন জবাবদিহী হ’ব লাগিব বুলি কয় অখিলে৷
টীয়কৰ ৰাইজে বিভিন্ন শ্ল’গানেৰে আকাশ বতাব কঁপাই চৰকাৰ বিৰোধী শ্ল’গানেৰ পৰিৱেশ উত্তাল কৰি তোলে৷ টীয়কৰ ৰাইজে অসম ৰক্ষা বাবে সদায় ওলাই অহাৰ বাবে সংকল্প লয়৷