07
Sep
2017

navigation
নগাঁওঃ নগাঁৱত সংঘটিত হ’ল এক অভিনৱ ডকাইটি৷ অভিনৱ পদ্ধতিৰে ব্যৱসায়ীৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ডেৰ লক্ষ টকা৷ দিনদুপৰতে সংঘটিত হ’ল এনে আজৱ ঘটনা৷
নগাঁও জিলাৰ হয়বৰগাঁও আৰক্ষী চকীৰ নিচেই কাষতে থকা ICICI বেংকৰ সন্মুখতে আজি দুৰ্বৃত্তই গাত বিছা দলিয়াই হৰেকৃষ্ণ মাহাতো নামৰ ব্যৱসায়ীজনৰ পৰা কাঢ়ি লৈ গ’ল এই বৃহৎ পৰিমানৰ ধন৷
দুৰ্বৃত্তৰ এনে অভিনৱ পদ্ধতিৰ পাছত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷