
ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰত এগৰাকী বিজেপি নেতাক সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰি হত্যাৰ চেষ্টা কৰে৷ ৰাজ্য খনৰ জ্যেষ্ঠ বিজেপি অনৱাৰ খানক অতৰ্কিতে আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰে যদিও কথমপি প্ৰাণ ৰক্ষা পৰে৷
J&K: Cops foil a terror attack on BJP leader Anwar Khan in Pulwama District; 2-3 terrorists believed to be holed up pic.twitter.com/8buretSARB
— TIMES NOW (@TimesNow) March 15, 2018
Terrorists target BJP leader Anwar Khan in Pulwama, PSO injured https://t.co/qpugSAAK42 pic.twitter.com/P0reu9o9eU
— DNA (@dna) March 15, 2018
পথৰ পৰা কিছু নিলগৰ জংঘলৰ পৰা নেতাগৰাকীৰ গাড়ীত আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে৷ জানিব পৰা মতে, কাশ্মীৰৰ প্ৰভাৱশালী বিজেপি নেতা আনৱাৰ খানে সুৰক্ষা কৰ্মীৰ সৈতে কোনো ঠাইলৈ গৈ আছিল৷
Jammu & Kashmir: Security forces cordon off Khanmoh area in Pulwama district after terrorists attacked BJP leader Anwar Khan. (Visuals deferred by unspecified time) pic.twitter.com/fpsu7IOJFR
— ANI (@ANI) March 15, 2018
তেনে সময়তে পুলবামা জিলাৰ খানমোহত তেওঁৰ কনভয়ত আক্ৰমণ কৰাত আনোৱাৰ খানে সামন্য আঘাত প্ৰাপ্ত হয় যদিও তেওৰ সুৰক্ষাত নিয়োজিত আৰক্ষীৰ লোক এগৰাকী গুৰুতৰ ভাৱে আহত হয়৷
সুৰক্ষাকৰ্মীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যদিও অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ ঘটনা সংঘটিত হোৱাৰ পিছতেই সেনা-আৰক্ষীয়ে এলেকা ঘেৰি লৈ অভিযান আৰম্ভ কৰিছে৷