10
Oct
2017

DonSalyards
বঢ়মপুৰঃ সোমবাৰে নিশা নগাঁও জিলাৰ বঢ়মপুৰত গুলী চালনাৰ ঘটনা সংঘটিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হয়৷ সোমবাৰে নিশা গুলীচালনাৰ ঘটনাত নৱ সিনহা নামৰ যুৱক আহত হোৱা জানিব পৰা গৈছে৷
জানিব পৰা মতে, বঢ়মপুৰৰ শিৱ মন্দিৰৰ সমীপত ৰৈ থকা অৱস্থাত যুৱকজনক উদ্দেশ্যে দুজনীয়া দৃৰ্বুত্তৰ দলে গুলীচালনা কৰে৷ ফলত গুৰুতৰভাৱে আহত হয় যুৱকজন৷ ততাতৈয়াকৈ একাংশ লোকে যুৱকজনক গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ ভৰ্তি কৰে৷
দুৰ্বৃত্তৰ দলটোৱে গুলীচালনাৰ সময়ত এখন মটৰ চাইকেলেৰে আহিছিল বুলি জানিব পৰা গৈছে৷ আৰক্ষীৰ দলটোৱে দুৰ্বৃত্তৰ দলটোক ধৰিবলৈ অভিযান অব্যাহত ৰাখিছে যদিও কোনো লোকক আটক কৰিব পৰা নাই৷