
জাগীৰোডঃ ৰাজ্যত নিৰাপত্তাহীনতাত ভুগিছে টেট শিক্ষয়িত্ৰীসকলে। বিশেষকৈ সংখ্যালঘু প্ৰধান চৰ-চাপৰি অঞ্চলসমূহত টেট শিক্ষয়িত্ৰীসকলে পদে পদে ভয়-শংকাৰ মাজেৰে কৰ্তব্য সমাপন কৰিবলগীয়াত পৰিছে।
দিনদিয়েক পূৰ্বে শোণিতপুৰ জিলাৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ছ’চিয়েল মিডিয়াযোগে কৰ্তব্যৰত বিদ্যালয়খনৰ সমীপৰ একাংশ লোকৰ নিৰ্যাতনৰ বলি হোৱাৰ কথা প্ৰকাশ কৰাৰ পিছতে পুনৰ আন এগৰাকী টেট শিক্ষয়িত্ৰীয়ে অনুৰূপ অভিযোগ উত্থাপন কৰা বিষয়টোৱে সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে। এইবাৰৰ ঘটনাৰ স্থান হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাট।
লাহৰীঘাটৰ এই ঘটনাটোৰ সৈতে ধৰ্মীয় আৱেগ অনুভূতিৰ প্ৰসংগ উত্থাপিত হোৱাত বিষয়টো অধিক জটিল হৈ পৰা দেখা গৈছে। প্ৰাপ্ত বাতৰি মতে, মঙলবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত লালিপাৰ বালক প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষয়িত্ৰী উষা দাসে প্ৰধান শিক্ষক আৰু সহঃ শিক্ষকৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ জৰিয়তে মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত প্ৰধান শিক্ষক আৰু সহঃ শিক্ষকজনৰ বিৰুদ্ধে জাগীৰোড থানাত এজাহাৰো দাখিল কৰিছে ভুক্তভোগী শিক্ষয়িত্ৰীগৰাকীয়ে।
ধৰ্মই সকলোকে এক কৰে বুলি কোৱাৰ সময়তে ধৰ্মই লাহৰীঘাটৰ উক্ত বিদ্যালয়খনত বিৰূপ পৰিস্থিতিৰ সৃষ্টি কৰাহে দেখা গৈছে। এজাহাৰত ভুক্তভোগী টেট শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰধান শিক্ষক আৰু সহঃ শিক্ষকে স্থানীয় ইছলাম ধৰ্মাৱলম্বী একাংশ লোকৰ সৈতে মিলিত হৈ দীৰ্ঘদিন ধৰি নিৰ্যাতন চলাই অহা বুলি উল্লেখ কৰিছে। কেৱল সিমানেই নহয়, হিন্দু ধৰ্মাৱলম্বী টেট শিক্ষয়িত্ৰীগৰাকীক গো-মাংস ভক্ষণ কৰাৰ দৰে নিজৰ ধৰ্মৰ পৰিপন্থী কাম কৰিবলৈকো হেঁচা প্ৰদান কৰা বুলিও তেওঁ অভিযোগ কৰিছে।
আনকি প্ৰধান শিক্ষক নুৰুল ইছলামে সীমা চেৰাই গৈ সহঃ শিক্ষক আক্কাছ আলীৰ সৈতে টেট শিক্ষয়িত্ৰী গৰাকীক বিয়াত বহিবলৈকো জোৰ কৰি আহিছিল বুলি অভিযোগ কৰিছে। কেৱল ইমানেই নহয় বিদ্যালয়লৈ যোৱাৰ পথতো একাংশ স্থানীয় ইছলাম ধৰ্মাৱলম্বী যুৱকে অশ্লীল ইংগিত দি আহিছিল বুলি টেট শিক্ষয়িত্ৰীগৰাকীয়ে সদৰী কৰিছে।
এনেদৰে চৰম নিৰাপত্তাহীনতাত ভুগি দীৰ্গদিন ধৰি বিদ্যালয়ত অনুপস্থিত থাকিবলৈ বাধ্য হৈ পৰিছে বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে ভুক্তভোগী শিক্ষয়িত্ৰীগৰাকীয়ে। কিছু দিন পূৰ্বে একাংশ স্থানীয় যুৱকে বিদ্যালয়লৈ যোৱাৰ পথত ধৰ্ষণ কৰি হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা বুলিও টেট শিক্ষয়িত্ৰীগৰাকীয়ে জানিবলৈ দিছে।
ইতিমধ্যে সমগ্ৰ ঘটনা বিৱৰি ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰি তেওঁৰ লগতে প্ৰতিগৰাকী টেট শিক্ষয়িত্ৰীৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী টেট শিক্ষয়িত্ৰী উষা দাসে। নগাঁৱৰ কপিলীৰ পাৰত এগৰাকী শিক্ষয়িত্ৰীক বিদ্যালয়ৰ পৰা ওভতাৰ পথত ধৰ্ষণ কৰি হত্যা কৰা ঘটনাই অধিক শংকিত কৰি তুলিছিল বুলিও সংবাদ মাধ্যমৰ আগত তেওঁ সদৰী কৰে। শিক্ষয়িত্ৰীসকলক দুৰ্গম স্থানৰ বিদ্যালয়ত পোষ্টি নিদিবলৈকো তেওঁ চৰকাৰক আহ্বান জনায়।
"বাছৰ পৰা নামিয়েই যাতে স্কুল পাই তেনে ঠাইতহে ছোৱালী-মহিলাসকলক চাকৰি দিব লাগে। চৰকাৰে কিবা এটা ঘটিলেহে একশ্যন লয়। ঘটনা নোহোৱালৈকে কোনো গুৰুত্বই নিদিয়ে। এনে ঘটনাৰ কেৱল মইয়েই সন্মুখীন হোৱা নাই। বহুতেই এনে পৰিস্থিতিত পৰিছে।"-চৰকাৰক শীঘ্ৰে ব্যৱস্থা ল'বলৈ অনুৰোধ জনাই এইদৰে কয় শিক্ষয়িত্ৰীগৰাকীয়ে। উল্লেখ্য যে, কামৰূপ জিলাৰ সোণাপুৰৰ পৰা গৈ লাহৰীঘাটৰ ভিতৰুৱা ঠাইখনত শিক্ষকতা কৰি আহিছিল উষা দাসে।
ইফালে সমগ্ৰ ঘটনাটোকে একাংশ লোকে সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা চলাইছে বুলিও অভিযোগ উত্থাপিত হৈছে। তালৈ চাই চৰকাৰ তথা আৰক্ষী প্ৰশাসনক সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ অহ্বান জনাইছে সচেতন মহলে।