06
Nov
2018

বুদ্ধ গয়াঃ পাৰিবাৰিক সংঘাত! বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বৰ পুত্ৰ তেজপ্ৰতাপ যাদৱে বিয়াৰ ছমাহৰ পাছতে বিবাহ বিচ্ছেদৰ বাবে আদালতৰ কাষ চপাত বাতৰিৰ শিৰোনাম দখল কৰিছিল।
নৱ-বিবাহিত দম্পতীহালৰ কলহত পৰিয়ালৰপৰা একেবাৰে অকলশৰীয়া হৈ পৰা তেজপ্ৰতাপে সোমবাৰে তীৰ্থ নগৰী বুদ্ধ গয়াৰ এখন হোটেলত আছিল।
হোটেলত থকাৰ সময়তে বিয়লি আঢ়ৈ বজাত তেওঁ টেলিফোনত পৰিয়ালৰ সৈতে কথা পাতিছিল। এই বাৰ্তালাপে শেষত গৈ তৰ্কা-তৰ্কিত পৰিণত হয় আৰু খঙতে তেজপ্ৰতাপে ফোনৰ সংযোগ বিচ্ছিন্ন কৰি দিয়ে।
খঙত অগ্নিশৰ্মা হোৱা তেজপ্ৰতাপে ইয়াৰ পাছৰেপৰা হোটেলৰ ১০৪ কোঠাত নিজকে আবদ্ধ কৰি ৰখাত সকলো উদ্বগ্ন হৈ পৰিছে। কাৰণ কোঠাটোত তেওঁৰ নিৰাপত্তাৰক্ষীও প্ৰৱেশ কৰিব পৰা নাই।
উল্লেখ্য় যে তেজপ্ৰতাপে ছমাহৰ পূৰ্বে বিহাৰৰ প্ৰাক্তন মন্ত্ৰী এজনৰ দুহিতা ঐশ্বৰ্যা ৰায়ক বিয়া কৰাইছিল।