
তেজপুৰঃ মিছিং স্বায়ত্ব শাসিত পৰিষদৰ সোমবাৰে অনুষ্ঠিত নিৰ্বাচনত শোণিতপুৰৰ ২৬ নং জীয়াভৰলী সমষ্টিটোৰ ১৭ টা ভোটকেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটদান সম্পন্ন হৈছে।
সৰ্বমুঠ ৯০৮২ টা ভোটাৰ থকা সমষ্টিটোৰপৰা এইবেলি ক্ৰমে বি জে পিৰপৰা ৰাজু চিন্তে, কংগ্ৰেছৰ নন্দেশ্বৰ ঙাতে, গণশক্তিৰ পদেশ্বৰ মিলি, অ গ পৰ ৰজনীকান্ত মিলি, চি পি আই এমৰপৰা দেৱেশ্বৰ মিলিকে ধৰি পাঁচজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ভোটদান সাব্যস্ত কৰিবলৈ ভোট কেন্দ্ৰসমূহত পুৱাৰেপৰা লানি নিচিগা সোঁত বয়।