তেজপুৰঃ তেজপুৰ চহৰৰ গ্ৰাম্যঞ্চল মিলনপুৰ ৰাজপথ অৱৰোধ কৰি বৃহস্পতিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ মিলনপুৰৰ জ্যোতি সংগম, উত্তৰ-পশ্চিম তেজপুৰ সাহিত্য সভা, মিলনপুৰ ডিপোটা শাখা ছাত্ৰ সন্থাকে ধৰি উমৈহতীয়াকৈ এনেদৰে দীৰ্ঘ সময় ধৰি মানৱ শৃংখলৰে ৰাজপথ অৱৰোধ কৰি ডবা, বিকুল বজাই কৰাৰ ফলত বৃহৎ যান-জঁটৰ সৃষ্টি হয়৷

কোনো কাৰণতে খিলঞ্জীয়া বিৰোধী জাতিধ্বংসী বিধেয়ক অসমৰ জনগণে মানি নলয়৷  অসমৰ জনগণৰ দাবীৰ প্ৰতি মিলনপুৰবাসীয়ে অব্যাহত ৰখা সংগ্ৰাম কোনো কাৰণতে স্থবিৰ নহয়৷ সেই চৰকাৰক সকিয়নী প্ৰদান কৰি এই বিধেয়ক বাতিলৰ দাবী জনায়৷