
তেজপুৰঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয় বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মাথোঁ কিছুদিন পূৰ্বে স্বাস্থ্যমন্ত্ৰীয়ে চিকিৎসালয়খনত অতৰ্কিতে অভিযান চলাই ৬৬ গৰাকী কৰ্মচাৰীৰ এদিনৰ দৰমহা কৰ্তন কৰাৰ লগতে অধ্যক্ষসহ কেইবাজনকো নিলম্বিত কৰাত চিকিৎসালয়খনলৈ যেন এক পৰিৱৰ্তন আহিল।
তেজপুৰৰ ৰাইজে স্বাস্থ্য মন্ত্ৰী গৰাকীৰ এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাইও সন্তুষ্টি প্ৰকাশ কৰি নৱনিযুক্ত অধ্যক্ষ ডাঃ ৰাজেন্দ্ৰ কুমাৰ কলিতাক ২৪ জুলাইত সাক্ষাত কৰি আদৰণি জনায়।
তেজপুৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদিকা পৰিস্মিতা বড়া, পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা দেবাশীষ দেৱ নাথ, থানেশ্বৰ সূত, সভাপতি ভাস্কৰ পটঙ্গীয়া, উপ-সভাপতি দিংকু বড়াই পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী মেডিকেল কলেজখন চন্দনাথ শৰ্মাৰ নামেৰে নামকৰণ হোৱা আৰু মেডিকেলখনত বিভিন্ন পদবীৰ বাবে অনুষ্ঠিত হোৱা সাক্ষাৎকাৰ এবছৰ পাৰ হৈ যোৱাৰ পিছতো ফলাফল ঘোষণা নকৰা, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত স্থানীয় শিক্ষিত নিবনুৱাক সংস্থাপন দিয়া, চিকিৎসালয়ৰ চৌহদ পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখা, ৰোগী অনুপাতে পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক নিয়োগ কৰা সন্দৰ্ভত পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই মত দাঙি ধৰে।