30
Aug
2017

তেজপুৰঃ তেজপুৰ চহৰ উত্তাল কৰিলে প্ৰাক্তন ছাত্ৰ ঐক্য মঞ্চৰ কেইবাশতাধিক নেতা-কৰ্মীয়ে৷
নগাঁও কাণ্ডৰ বিৰুদ্ধে তথা খিলঞ্জীয়াৰ সৰক্ষা নিশ্চিত কৰাৰ দাবীত তেজপুৰ প্ৰাক্তন ছাত্ৰ ঐক্য মঞ্চ আৰু শোনিতপুৰ জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে খিলঞ্জিয়া লোকৰ সুৰক্ষাৰ দাবীত ওলাই আহে কেইবাশতাধিক লোক৷
হাতে হাতে জোঁৰ লৈ তেজপুৰ চহৰত সমদল কৰি চৰকাৰ বিৰুধি শ্ল’গানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷ প্ৰাক্তন আলফা সমন্বৰক্ষী সমিতি, অসম জাতীয়তাবাদী যুৱ পৰিষদ, যুৱ সন্মিলন, আমছুকে ধৰি ছয়টা সংগঠনে তেজপুৰ সাহিত্য সভা ভৱনৰ পৰা সমদল উলিয়াই তেজপুৰ চহৰ পৰিভ্ৰমণ কৰে৷