তেজপুৰঃ বালিপৰাৰ আৱকাৰী বিভাগৰ ছত্ৰছায়াত এতিয়া একাংশ সুৰা বেপাৰীয়ে চলাইছে গুণ্ডাগিৰি৷ অবৈধ সুৰা বেহা বন্ধ কৰিবলৈ যোৱা আছুৰ কৰ্মী ওপৰত চলিল সুৰা ব্যৱসায়ীৰ আক্ৰমণ।

উল্লেখ্য যে বিগত দিনৰ দৰেই বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে শুকুৰবাৰেও বালিপৰা চাৰিদুৱাৰৰ বিভিন্ন ঠাইত চলাছিল সুৰা বিৰোধী অভিযান। তেনে সময়তে বালিপৰাৰ সমিপৱৰ্তী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এ আৰ ৰেষ্টুৰেন্টত সুৰাৰ বিৰুদ্ধে অভিযান চলাইছিল বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাই।

তেনে সময়তে ৰেষ্টুৰেন্টখনৰপৰা আছু সদস্যই অৰুণাচলী সুৰা আৰু বিয়েৰ জব্দ কৰাৰ সময়তে ৰেষ্টুৰেন্টখনৰ স্বত্বাধিকাৰী হৰ্ক বাহাদুৰ থাপাই সুৰাৰ বটলেৰে আক্ৰমণ কৰে তিনিজনকৈ আছু কৰ্মীক। 

গুৰুতৰভাৱে আহত হয় আছুৰ ৩ সদস্য। ইয়াকে লৈ এক, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পাছত চাৰিদুৱাৰ আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ হোটেলখনৰ মালিক হৰ্কবাহাদুৰ থাপাক আটক কৰে। অৱশ্যে পাছত আছু কৰ্মীৰ লগত অভব্য আচৰণৰ লগতে মদ বিক্ৰী নকৰো বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াত আৰক্ষীয়ে মুকলি কৰি দিয়ে।