18
Dec
2018

তেজপুৰঃ তেজপুৰৰ পিঠাখোৱাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। যাত্ৰীবাহী টেম্প' আৰু বিপৰীত দিশৰপৰা অহা ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী নাৰ্ছ আৰু আহত হয় আন তিনি গৰাকী নাৰ্ছ। আহতসকলক সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
মৃত নাৰ্ছগৰাকী ধেমাজিৰ ধনলতা মৰাণ বুলি জানিব পৰা গৈছে।