14
Dec
2018

তেজপুৰঃ শোণিতপুৰ জিলাৰ নদুৱাৰ অন্তৰ্গত জামুগুৰিহাটৰ টৌভঙা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ব্যৱসায় কেন্দ্ৰৰ সমীপত পুনৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। তেজপুৰৰপৰা আহি থকা এ এম ইউ ৩৪৯২ নম্বৰৰ এখন ট্ৰাকে এ এছ ১২ টি ৮৩২৩ নম্বৰৰ ভেনখনক প্ৰচণ্ড খুণ্ডা মাৰি ট্ৰাক চালকজন পলায়ন কৰে। উক্ত ঘটনাত আহত হোৱা প্ৰকাশ ৰেংগনক (২৬) তেজপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।