তেজপুৰঃ জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তেজপুৰ জিলা সমিতিয়ে থলুৱাক সুৰক্ষা প্ৰদানৰ দাবীত আজি উত্তাল কৰিলে প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৰ আহ্বানত ওলাই অহা কেইবাশতাধিক লোকে থলুৱাৰ সুৰক্ষাৰ সুনিশ্চিত কৰাৰ দাবীত জোঁৰ সমদল উলিয়ায় উত্তাল কৰে তেজপুৰ চহৰৰ আকাশ বতাহ৷

সংগঠনটোৰ দুই শতাধিক নেতা-কৰ্মীয়ে তেজপুৰ লাচিত বাকৰিৰ পৰা সমদল কৰি তেজপুৰ চহৰ পৰিভ্ৰমণ কৰি চৰকাৰ বিৰোধি শ্ল’গানেৰে আকাশ বতাহ কপাই তেজপুৰ আদালত চাৰিআলিত কাৰ্যসুচীৰ সামৰণী পেলায়।