
তেজপুৰঃ ভূমিহীন কৃষকক মাটিৰ পট্টা দিয়াৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল কৰিলে তেজপুৰ চহৰ৷ হাজাৰ হাজাৰ দৰিদ্ৰ কৃষক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে কৃষক নেতা অখিল গগৈৰ নেতৃত্বত৷ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ওলাই অহা লোকসকলে শীঘ্ৰে ভূমিহীনক মাটিৰ পট্টা দিয়াৰ দাবীত বিভিন্ন শ্ল’গানেৰে তেজপুৰৰ আকাশ বতাহ কপাই তোলে।
আজি পুৱাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত তেজপুৰৰ জয়মতী পথাৰত সমবেত হয় হাজাৰ হাজাৰ লোক৷ জয়মতী পথাৰৰ পৰা অখিলৰ নেতৃত্বত তেজপুৰ চহৰলৈ আহে৷ তেজপুৰ প্ৰশাসনে সমদল কৰি অহা হাজাৰ হাজাৰ লোকক বাধা প্ৰদান কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এটা সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ আৰু প্ৰশাসন মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয়৷
আৰক্ষীয়ে সমদলৰ মাজৰ পৰা অখিলক লাঠীৰে কোবাই–চোচৰাই গ্ৰেপ্তাৰ কৰে। বনাঞ্চলত বাস কৰা থলুৱা লোকক ভূমি পট্টা দিয়াৰ লগতে চাৰিদুৱাৰ অঞ্চলৰ থলুৱাক মাটিৰ পট্টা প্ৰদান, পাৱাৰ গ্ৰীডে ক্ষতি কৰা পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীত প্ৰতিবাদী সাব্যস্ত কৰিছিল অখিলে।
বাক-বিতণ্ডাৰ সময়তে সমদলটোৱে আগবাঢ়ি যাব ধৰোতে আৰক্ষীয়ে লাঠি চালনা কৰে। ফলত ৩৫ জন প্ৰতিবাদ কাৰী আহত হয়। তেজপুৰ আৰক্ষীয়ে কৃষক নেতা অখিল গগৈক আটক কৰে। আৰক্ষীয়ে একপ্ৰকাৰ অখিল গগৈক বেয়াকৈ প্ৰহাৰ কৰে। অৱশ্যে আৰক্ষীয়ে নেতাজনক কিছু সময় পাছতে মুকলি কৰিবলৈ বাধ্য হয়৷ ৰাজ্য চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা নুবুজাটো চৰম দুৰ্ভাগ্যজনক বুলি কয় প্ৰতিবাদকাৰীয়ে৷